20
Feb
2019

তামুলপুৰঃ তামুলপুৰ মহকুমাৰ অন্তৰ্গত এক নং উলুবাৰী গাঁও নিবাসী প্ৰয়াত কৰ্ণ ৰাভাৰ পুত্ৰ পবিত্ৰ ৰাভা ওৰফে বাবু ৰাভা যোৱা ১৮ ফেব্ৰুৱাৰীৰ নিশা টংলা গোৰেশ্বৰৰপৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত গৌৰিপুৰত এখন অজ্ঞাত বাহনে খুন্দিয়াই গুৰুতৰভাৱে আহত কৰিছিল।
আহত বাবু ৰাভাক ততাতৈয়াকৈ চিকিৎসাৰ বাবে গুৱাহাটী চিকিত্সা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও আই চি ইউৰ অভাৱত তেওঁক পুনৰ নাৰেংগী ৰোডৰ গেট হস্পিতাললৈ লৈ অনা হয়। মূৰ আৰু সোঁ ভৰি আৰু হাতত গুৰুতৰভাৱে আহত হোৱা পবিত্ৰ ৰাভাৰ যোৱা নিশা মৃত্যু ঘটে।
মৃত্যৰ সময়ত তেও পত্নীৰ সৈতে এজন পুত্ৰ আৰু এগৰাকী কন্যাক ইহ সংসাৰত এৰি থৈ যায়। তেওঁৰ মুত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।