
অভিজিৎ তালুকদাৰ, তামুলপুৰঃ ভাৰতৰ সৈতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান ইতিহাস বিজৰিত আনুষ্ঠানিক মৈত্ৰী স্থাপনৰ পঞ্চাশ বছৰ পূৰ্ণ হোৱা উপলক্ষে ভূটানৰ বিভিন্ন অঞ্চলত সোণালী জয়ন্তী বৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছে দেশখনে।
ইয়াৰে অংশ হিচাপে পূব ভূটানৰ সদৰ চহৰ চামদ্ৰুপঝংখাৰত চামদ্ৰুপঝংখাৰ জিলা প্ৰশাসন আৰু ভাৰত-ভূটান মৈত্ৰী সন্মিলনৰ উদ্যোগত সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ কৰা হয়। তিনিদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰৰেপৰা আৰম্ভ কৰা হয় ভাৰত-ভূটান মৈত্ৰীৰ পঞ্চাশ বছৰীয়া বৰ্ষপূৰ্তি উৎসৱ৷
এই বৰ্ষপূৰ্তি উপলক্ষ্যে চানদ্ৰূপঝংখাৰত শুকুৰবাৰে এখনি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাখনৰ মূখ্য অতিথি হিচাপে বি টি এ ডিৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰীয়ে উপস্থিত থাকি প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে৷
আবেলি ভূটানৰ চামদ্ৰুপঝংখাৰ এফ চি আৰু কুমাৰীকাটা এফ চিৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন খেলৰ উদ্ধোধনী অনুষ্ঠানত প্ৰদান কৰা ভাষণত প্ৰসংগত নাৰ্জাৰীয়ে কয়, ভাৰত-ভূটানৰ মাজত আনুষ্ঠানিক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠা দিনৰেপৰা আজিলৈকে দুয়োখন দেশৰ মাজত ভাতৃত্বপূৰ্ণ বন্ধুত্ব অব্যাহত আছে৷ এই সম্পৰ্কই অদূৰ ভৱিষতে আৰু অধিক টনকিয়াল হ’ব বুলি কৈ ভাৰত-ভূটানৰ সামাজিক-সাংস্কৃতিক- অৰ্থনৈতিক আৰু কূটনৈতিকভাৱে আগবাঢ়ি যাওক বুলি কয়৷
অনুষ্ঠানত বি টি এ ডিৰ ৰেচম আৰু হস্ততাঁত বস্ত্ৰ আৰু শিল্প বিভাগৰ কাৰ্যবাহী সদস্য দেবেন বড়ো, চামদ্ৰুপঝংখাৰৰ অতিৰিক্ত উপায়ুক্ত পেমা ডোৰ্জী, মেয়ৰ কাৰ্মা চেৰাব, আৰক্ষী অধীক্ষক কৰ্ণেল ৰীজিং ডোৰ্জী, ভাৰত ভূটান মৈত্ৰী সন্মিলন চমুকৈ (বিফা) সমূহৰ বিষয়ববীয়া, অসমৰ বাক্সা জিলাৰ তামুলপুৰ কুমাৰীকাটাৰ বিশিষ্ট নাগৰিকসকল প্ৰমূখ্যে চামদ্ৰুপঝংখাৰ প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকি দুয়োদেশৰ মৈত্ৰী স্থাপনৰ পঞ্চাশবছৰীয়া বৰ্ষৰ কাৰ্যসূচী উপভোগ কৰে৷