♦ জনজাতীয় সংগঠনৰ তিনি ঘন্টীয়া ধৰ্ণা

তামুলপুৰঃ অসমত বসবাস কৰা ছয় জনগোষ্ঠী ক্ৰমে কোচ-ৰাজবংশী, টাই আহোম, চুতীয়া, মৰাণ, মটক আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ ওলোৱা প্ৰক্ৰিয়াৰ বিৰুদ্ধে শনিবাৰে উত্তাল হৈ পৰিল তামুলপুৰ।
জনজাতি সংগঠনৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয় চৌহদত এক তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয়।
ভাৰত চৰকাৰে শেহতীয়াভাৱে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ লোৱা প্ৰক্ৰিয়াৰ বিৰুদ্ধাচৰণ কৰি ৰূপায়ন কৰা এই কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ গ' বেক, বি জে পি চৰকাৰ হুচিয়াৰ, ছয় জনগোষ্ঠীৰ জনজাতীকৰণ প্ৰক্ৰিয়া বন্ধ কৰক, জনজাতিসকলক প্ৰাপ্য অধিকাৰ আদায় দিয়ক আদি শ্ল'গানেৰে তামুলপুৰৰ আকাশ-বতাহ উত্তাল কৰি তোলে।
পুৱা ১১ বজাৰপৰা দিনৰ ১ বজালৈ ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত প্ৰধানমন্ত্রীলৈ এখন স্মাৰক-পত্র প্ৰেৰণ কৰে।