
newsnextone.com | তামুলপুৰঃ মাথো ৪ বছৰৰ ভিতৰত ভৰতবৰ্ষৰ সকলো গাঁৱত বিদ্যুতৰ সংযোগ দিয়া বুলি সংসদৰ ভিতৰে বাহিৰে বিজেপিৰ মন্ত্ৰী, সাংসদে দাবী কৰি ভাষণৰ জৰিয়তে চমক সৃষ্টি কৰি আহিছে। মণিপুৰৰ অন্তিম খন গাঁৱত বিদ্যুতৰ সংযোগ দিয়া বুলি বৰ বৰ কথাৰে চমক সৃষ্টি কৰিছিল বিজেপিৰ মন্ত্ৰী-নেতাই। স্বাধীনতাৰ পিছতে সমগ্ৰ দেশৰ প্ৰায় ৬ লাখ গাঁৱত বিদ্যুতৰ সংযোগ থকাৰ পিছতোঁ ৪ বছৰত বিজেপিয়ে দেশৰ বেছি গাঁৱত বিদ্যুতৰ সংযোগ দিয়া বুলি দাবী কৰি আহিছে।
কিন্তু বাস্তৱ ক্ষেত্ৰত বিজেপি চৰকাৰে দাবী কৰাৰ দৰে পূৰ্বৰ চৰকাৰে দিব নোৱাৰা ভাৰতবৰ্ষৰ গাঁও সমূহত বিদ্যুতৰ সংযোদ দিব পৰা নাই। আন আন ৰাজ্যৰ কথা নকও অসমত আজিও বহু গাঁও আছে যত বিদ্যুতৰ সংযোগ হোৱা নাই। কিন্তু চৰকাৰে মণিপুৰৰ অন্তিম খন গাঁৱত বিদ্যুতৰ সংযোগ দিয়া বুলি দাবী কৰা কাৰ্যক একপ্ৰকাৰ উপলুঙা কৰি অসমত বহু গাঁৱত আজিও বিদ্যুতৰ সংযোগ নাই। তেনে খবৰ অসমৰ সংবাদ মাধ্যমত প্ৰকাশ হৈ আহিছে।
বাক্সা জিলাৰ তামুলপুৰ বিধানসভা সমষ্টিৰ খৈৰাণী-কাৰখেলাবাসীয়ে আজিও বিদ্যুতৰ পোহৰ দেখা পোৱা নাই। যি সময়ত পৰিৱৰ্তন কামী চৰকাৰ খনে ২৪ ঘণ্টা বিজুলী যোগান ধৰাৰ প্ৰতিশ্ৰুতি দি কেন্দ্ৰৰ বিজেপি চৰকাৰে সকলো গাঁৱতে বিদ্যুতৰ সংযোগ দিয়া বুলি দাবী কৰিছে তেনে সময়তে বাক্সা জিলাৰ তামুলপুৰ বিধানসভা সমষ্টিৰ এটা এলেকাত নাই বিদ্যুতৰ সংযোগ৷ যাৰ ফলত নিৰ্বাচনৰ পূৰ্বে দিয়া সকলো প্ৰতিশ্রুতি ফুটুকাৰ ফেন হৈ পৰিছে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে৷ ফলত পোহৰ দেখিবলৈ পোৱা নাই গাঁৱৰ ৰাইজে৷
স্বাধীনতা ৭০ বছৰৰ পাছত গাঁও খনত পৰিছিল মাত্র কেইটামান বিদ্যুতৰ খুঁটা৷ খুঁটা বোৰ থিয় কৰোৱা হৈছিল আৰু সংযোগ কৰা হৈছিল ট্ৰেন্সফৰ্মাৰ। খুঁটা, ট্ৰেন্সফৰ্মাৰ আজিও পৰিয়ে থাকিল৷ খৈৰাণী-কাৰখেলাবাসীয়ে গাঁৱৰ ছাত্র-ছাত্রীসকলে অাজিও চাকিৰ পোহৰতে অধ্যয়ন কৰিব লগা হয়৷ নিৰ্বাচনৰ সময়ত কংগ্ৰেছ-বিজেপি সকলোৱে প্ৰতিশ্রুতি দিয়ে কিন্তু নিৰ্বাচন পাৰ হোৱাৰ পিছত গাঁও খনত বিদ্যুতৰ সংযোগ দিবৰ বাবে পাহৰি যায় নেতাকসকলে৷
বৰ্তমানৰ চৰকাৰখনে গাঁও খনত কেইটা মান বিদ্যুতৰ খুঁটা পেলোৱাত আশা কৰা হৈছিল যে গাঁও খনত বিদ্যুতৰ পোহৰ আহিব৷ কিন্তু যেন সকলো মিছা ৷ কাৰ্যক্ষেত্রত খুঁটা পুতি দায়িত্ব সামৰিলে বিভাগে৷ তামুলুপৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে বিধান সভাত থিয় দি আজিলৈ এষাৰ সমষ্টিৰ সমস্যাৰ বিষয়ে কথা নোকোৱাৰ দৰেই সমষ্টিতোঁ একে দৰেই সভা সমিতিয়ে ভাষণ দিয়াৰ বাহিৰে একো কৰিব পৰা নাই বুলি অভিযোগ উত্থাপিত হৈ আহিছে। বহু বাৰ ৰাইজে গাঁও খনত বিদ্যুতৰ সংযোগ দিবলৈ বিধায়কক অনুৰোধ জনাইছিল যদিও বিধায়কজনে গুৰুত্ব প্ৰদান নকৰিলে৷
খৈৰাণী-কাৰখেলাবাসীয়ে বিধায়কৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে। আমি আমাৰ লৰা-ছোৱালীক প্ৰযুক্তি বিদ্যাৰ যুগত বিদ্যুতৰ পোহৰত পঢ়াব নোৱাৰিলো সেইটো আমাৰ বাবে দুৰ্ভাগ্যৰ বুলি কয় ৰাইজে ৷ newsnextone.comৰ এগৰাকী সাংবাদিকৰ সন্মুখত চকুলো টুকি ৰাইজে কয় যে আমাৰ ওচৰৰ গাঁও খন নিশা পোহৰ হৈ থাকে কিন্তু আমি এন্ধাৰত ডুব যাও। চাৰিও ফালে শাসকীয় দলৰ বিধায়ক তথাপিও আমাক পোহৰ দিব নোৱাৰিলে৷ বৰ দুখ পাও বোপা৷ আমি মোবাইল চাৰ্জ দিবলৈ আনৰ ঘৰত যাব লাগে৷ সন্তানে আমাক লাজ দিয়ে অ’ বোপা, লাজ দিয়ে বুলি কয় লোকগৰাকীয়ে৷
বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত খৈৰাণীৰ কাৰখেলাবাসী ৰাইজে ঠিকাদাৰক টকা দিও বিদ্যুতৰ পোহৰ লাভ কৰিবলৈ সক্ষম নহ'ল। ঘৰে ঘৰে বিনামূলীয়া বিদ্যুত যোগানৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে থাকিল।
২০১৭ বৰ্ষত ফুলেন ইচলাৰী নামৰ ঠিকাদাৰজনক প্ৰতিটো পৰিয়ালে বিদ্যুৎ সংযোগৰ নামত ৩০০০কৈ টকা দিছিল। তাৰ পিছতে মিটাৰ, খুঁটা আদি আন্তঃগাঁথনিৰ কাম সম্পূৰ্ণ হৈ উঠিছিল। কিন্তু যোৱা এটা বছৰে সকলো থকাৰ পিচতোঁ পোবৰ নেদেখিলে ৰাইজে। আনহাতে কাৰখেলাৰ আদিবাসী চুবাত বিপদ সংকুল ভাৱে ৮ বাঁহৰ খুঁটাৰে বিদ্যুতৰ যোগান ধৰি আহিছে শক্তি বিভাগে।