তামুলপুৰঃ পথ সুৰক্ষা জীৱন ৰক্ষা ৩০ তম পথ সুৰক্ষা সপ্তাহত বুধবাৰে বাক্সা জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ উদ্যোগত আৰু তামুলপুৰ টেম্পো সন্থাৰ সহযোগত অনুস্থিত হৈ যায়। 

উক্ত পথ সুৰক্ষা সজাগতা সভাত বাক্সা জিলা পৰিবহন বিষয়া মুনিন কুমাৰ দাসে ভাষনত কয় যে- গাড়ী চলাওতে সদায় সাৱধানতা অৱলম্বন কৰি গাড়ী চলাব লাগে, মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলাব নালাগে, ৰাতি গাড়ী চলালে দিপাৰ লাইট ব্যৱহাৰ কৰিব লাগে। বাইক চলাওতে সদায় হেলমেড ব্যৱহাৰ কৰি চলাব লাগে তেতিয়া দুৰ্ঘটনাৰ সময়ত নিজক বছাব পৰা যায়। 

গাড়ীৰ লাইচেঞ্চ আৰু ইঞ্চুৰেঞ্চ ৰেনু হৈ আছেনে নাই তাক চাব লাগে, যি বিলাক কমাৰ্চিয়েল গাড়ী আছে তাৰ পাৰমিট আছেনে নাই সেই সকলোবোৰ নজৰ দিব লাগে। চৰকাৰী নিয়ম অমান্য কৰিলে হয়তো জেলত যাবলগীয়া হ’ব পাৰে। 

উক্ত সভাত মটৰ পৰিবহন পৰিদৰ্ষক খিৰোদ দাসেও ভাষণ ৰাখে। অনুস্থানত কাৰ্যবাহী দণ্ডাধীশ হৃদয় কুমাৰ দাস, ইঞ্চপেক্টৰ ৰঞ্জিত দাস, আৰু অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে। অনুস্থানত বাটৰ নাট পৰিবেশন কৰা হয়।