
তামুলপুৰঃ তামুলপুৰ মহকুমাৰ অন্যতম শিক্ষানুষ্ঠান শংকৰদেৱ বিদ্যা নিকেতন তামুলপুৰৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ সামৰনি অনুষ্ঠান শনিবাৰৰপৰা আৰম্ভ হৈছে৷ আজি পুৱা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নিকেতনৰ প্ৰতিষ্ঠাপক কাৰ্যকৰি সভাপতি কবি চন্দ্ৰ বৰ্মনে।
ইয়াৰ পিছতে অনুষ্ঠানৰ মুখ্য পতাকা উত্তোলন কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি মোহন চন্দ্ৰ ডেকাই। ইয়াৰ পিছতেই প্ৰদৰ্শনীৰ উদ্বোধন কৰে তামুলপুৰ প্ৰেছ ক্লাৱৰ সভাপতি খগেন বৈশ্যই। তাৰপাছতেই "সোঁৱৰণীৰ এবেলা" শীৰ্ষক ন-পুৰনি শিক্ষাৰ্থীৰ সন্মিলন এখন অনুষ্ঠিত হয়।
ইয়াৰ পিছতেই "বহুমুখী শিক্ষা আৰু সাম্প্ৰতিক নৱপ্ৰজন্ম" শীৰ্ষক আলোচনা এখন উদ্বোধন কৰি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নাৰায়ণ ব্ৰহ্মই কয় - কৃত্ৰিম বুদ্ধিমত্তা বিকাশৰ ধাৰা হৃদয়ঙ্গম কৰি নৱ প্ৰজন্মই আগবঢ়া উচিত। ৰাজস্থান, গুজৰাট, তামিলনাডু আদি ৰাজ্যত আন ৰাজ্যৰ তুলনাত বহুমুখী বিদ্যাত আগবাঢ়ি গৈছে৷ ডিগ্ৰী লাভ কৰিলেই জ্ঞানৰ বিকাশ নহয়। পৰীক্ষা নম্বৰ কেন্দ্ৰীক বা টিউচন কেন্দ্ৰীক হ’ব নালাগে। নম্বৰ কেন্দ্ৰীক প্ৰৱনতাৰ বাবে জ্ঞানৰ বিকাশ সীমিত।
আলোচনা চক্ৰত অংশ গ্ৰহন কৰি "গৰীয়সী"ৰ সহকাৰী সম্পাদক অংকুৰ ডেকাই কয়- নৱ-প্ৰজন্মক শিক্ষিত কৰি সঠিক পথত নিবলৈহে চৰকৰে বহুমুখী শিক্ষাৰ ব্যৱস্থা কৰা উচিত। পৃথিৱীৰ সমস্যা গোলকীকৰণ হৈ গৈছে৷ নৱ-প্ৰজন্মক বিপদৰ সন্মুখত ঠেলি দিছে অভিভাৱক সকলে৷ সাম্প্ৰতিক সময়ত আমি কিছুমানে বেমাৰ সৃষ্টি কৰিছো। যিমান পাৰি বহুমুখী শিক্ষাৰো প্ৰাসংগিকতা বাধ্যতামূলক কৰিব লাগে৷ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পুথিভড়াল এটি শিক্ষানুষ্ঠানৰ অবিচ্ছেদ্য অংগ৷ কিতাপ পঢ়াৰো অভ্যাস গঢ় দিয়ক৷ বক্তব্য প্ৰসঙ্গৰ শেষত কয় "ইন্টাৰনেট ব্যৱস্থাত লাভ আছে৷ প্ৰত্যেক বস্তুৰে ধনাত্মক আৰু ঋনাত্মক গুণ আছে৷ নিজে নিজক পঢ়ুৱাই সংযম ৰক্ষা কৰিব লাগিব ইয়াৰো বিকল্প নাই বুলি প্ৰকাশ কৰে৷ আনহাতে, আলোচনা চক্ৰত ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় অধ্যক্ষ পাৰ্থফুকন মহন্ত উপস্থিত থাকে।