গুৱাহাটীঃ বৰ্তমান ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ চলি থকা এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবী হিন্দু যুৱ ছাত্ৰ পৰিষদৰ৷ এন আৰ চিৰ ভিত্তিবৰ্ষ ১৯৫১ চন কৰিব লাগে বুলি শুকুৰবাৰে এক সংবাদমেলত দাবী জনাইছে সংগঠনটোৱে।

ভাৰতৰ অন্যান্য ৰাজ্যৰ দৰে অসমতো বিদেশী বিতাৰণৰ ভিত্তি বর্ষ ১৯৭১ পৰিৱৰ্তে ১৯৫১ চন হ’ব লাগে৷ যদি ভাৰতৰ অন্যান্য ৰাজ্যৰ আন্দোলন নকৰাকৈ বিদেশী বিতাৰণৰ ভিত্তিবর্ষ ১৯৫১ হয়, তেন্তে অসমে ছবছৰ আন্দোলন কৰি তথা ৮৫৫ জনে শ্বহীদ বৰণ কৰাৰ পাছতো কি যুক্তিত ১৯৭১ মানি ল’ব পাৰি?  

ইফালে, অসম আন্দোলনত ৮৫৫ জন শ্বহীদ হোৱা বাবে সংগঠনটোৱে মূলতে দায়ী কৰে সেই সময়ৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক। তৰুণ গগৈয়ে ৮৫৫ জন শ্বহীদৰ বাবে প্ৰফুল্ল কুমাৰ মহন্তক যিমানে দোষ দিবলৈ নিবিচাৰক, তাৰ বাবে দায়ী কিন্তু সেই সময়ৰ কংগ্ৰেছ চৰকাৰখনহে। কাৰণ যদি সেই সময়ৰ কংগ্ৰেছ চৰকাৰখনে আন্দোলনকাৰীৰ ওপৰত পুলিচ-মিলিটেৰী লগাই দমন নকৰা হ’লে অসম আন্দোলনত ৮৫৫ অসমীয়া শ্বহীদ নহ’লহেঁতেন বুলি মন্তব্য কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে।

গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলখনত সংগঠনটোৱে কয় যে অসম আন্দোলত অসমৰ জনতাৰ ত্যাগ আৰু কষ্টৰ লগতে ৮৫৫ জন শ্বহীদৰ ত্যাগক গুৰুত্বহীন কৰি ১৯৫১ চনৰ পৰিৱৰ্তে ১৯৭১ চনক ভিত্তি বর্ষ হিচাপে মানি লৈ অসম চুক্তি স্বাক্ষৰ কৰাৰ বাবে সম্পূর্ণ ৰূপে দায়ী সেই সময়ৰ আছু নেতৃত্ব।

সংবাদ মেলৰপৰাই অসম গণ পৰিষদ আৰু আছুক সংগঠনটোৱে প্ৰশ্ন কৰে, "আপোনালোকে অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ কথা কৈ থাকে, তাৰ পাছতো কংগ্ৰেছ লগত আপোনালোকে ইমান মিতিৰালি কিয় কৰে?" আজি কংগ্ৰেছৰ সেই হাতত অ গ প-আছুৱে অসম আন্দোলনৰ শ্বহীদসকলৰ কেঁচা তেজৰ গোন্ধ নাপায় নেকি বুলিও সংগঠনটোৱে প্ৰশ্ন উত্থাপন কৰে। 

আনহাতে এই সংবাদ মেলতে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইক সমালোনা কৰি সংগঠনটোৰ সভাপতি বলেন বৈশ্যই প্ৰশ্ন কৰে, অসম আন্দোলনৰ বিৰোধিতা কৰা গোহাঁই আজি কি কাৰণত আছু আৰু অ গ প ইমান আপোন?

একেদৰে অসম আন্দোলনক বিৰোধিতাৰে জন্ম হোৱা আমছুৰ লগত আজি অসম গণ পৰিষদ আৰু আছুয়ে মিতিৰালি কৰা বুলিও অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।