
গুৱাহাটীঃ অসম গণ পৰিষদে পুনৰ বিজেপিৰ লগত মিত্ৰতা কৰাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অগপৰ সন্দৰ্ভত ইয়াৰ পূৰ্বে থকা স্থিতি সলনি কৰিছে।
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰোধিতাৰে যোৱা জানুৱাৰী মাহত বিজেপি সৈতে অগপই মিত্ৰতা ভংগ কৰাত কৃষক মুক্তিসহ ৭০টাকৈ জাতীয় সংগঠনে অগপ সভাপতি অতুল বৰাক আনুষ্ঠানিকভাৱে প্ৰস্তাৱ দিছিল যে আগন্তক লোকসভাৰ নিৰ্বাচনত অগপক তেওঁলোকে সম্পূৰ্ণ সমৰ্থন কৰিব।
লগতে সাম্প্ৰদায়িক বিজেপিক ৰাজ্যৰ ৰাজনীতিৰপৰা উৎখাত কৰিবলৈ অগপৰ হৈ কৃষক মুক্তিসহ ৰাজ্যৰ ৭০ সংগঠনে প্ৰচাৰ চলাব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। কিন্তু সকলো খিলঞ্জীয়া ৰাইজৰ আশাত চেঁচা পানী ঢালি, দলক আৰু জাতিক বিশ্বাসঘাতকতা কৰি জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদক জলাঞ্জলি দি নিৰ্লজ্জভাৱে পুনৰ বিজেপি সৈতে মিত্ৰতা কৰিলে অগপ দলে।
এই মন্তব্য কৃষক নেতা অখিল গগৈৰ। মহানগৰীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্রাম সমিতি মুখ্য কাৰ্যলয়ত কৃষক নেতা গৰাকীয়ে অগপ-বিজেপি মিত্ৰতা সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰি কয় যে কৃষক মুক্তি সংগ্রাম সমিতিসহ ৰাজ্য ৭০ সংগঠনে আগন্তক লোকসভা নিৰ্বাচনত এতিয়াৰপৰা বিজেপি লগতে অগপৰ বিৰুদ্ধেও প্ৰচাৰ চলাব বুলি অৱগত কৰে। লগতে কৃষক নেতা গৰাকীয়ে কয় অগপই সাম্প্ৰদায়িক দলৰ লগত পুনৰ মিত্ৰতা কৰি অসম ৰাইজক যি বিশ্বাসঘাটক কৰিলে তাৰ উচিত শিক্ষা অসমৰ ৰাইজে দিব।
ইয়াৰ উপৰিও উক্ত সংবাদ মেলতে গগৈয়ে জানিবলৈ দিয়ে মঙলবাৰে সন্ধিয়া অগপ দুই নেতা সভাপতি অতুল বৰা আৰু কেশৱ মহন্ত তেওঁ ঘৰত উপস্থিত হৈছিল। উপস্থিত হৈয়ে অগপ দুয়োজন নেতাই জানিবলৈ দিছিল তেওঁলোকে অকলে নিৰ্বাচনত অৱৰ্তীণ হৈ জিকিব নোৱাৰিব। সেই বাবে তেওঁলোকে পুনৰ বিজেপি লগত মিত্ৰতা কৰিব বুলি অৱগত কৰা বুলি আজি সংবাদ মেলত জানিবলৈ দিয়ে।
আনহাতে অগপ দলে মিত্ৰতা কৰাৰ প্ৰসংগত কৃষক নেতা গৰাকীয়ে কয় অগপ কেন্দ্ৰীয় নেতৃত্বই কেৱল টকা আৰু ক্ষমতা লোভত পৰি এক অপৱিত্ৰ মিত্ৰতাত আগবাঢ়ি গ’ল। এতিয়াৰপৰা অসম গণ পৰিষদ আঞ্চলিকতাবাদী, জাতীয়তাবাদী দল হৈ থকা নাই। অগপই এতিয়া বিদেশী সংস্থাপন দিব খোজা বিজেপি লগত হাত মিলাই ৮৫৫ জন শ্বহীদক কেৱল অপমানে কৰা নাই, আনুষ্ঠানিকভাৱে হত্যা কৰিলে ৮৫৫ জন শ্বহীদক।
ইফালে এই সংবাদ মেলতে কৃষক নেতাগৰাকীয়ে অসম গণ পৰিষদৰ প্ৰকৃত জাতীয়তাবাদীসকলক আহ্বান জনাই কয় এতিয়া অসম গণ পৰিষদত থাকি এতিয়া লাভ নাই। প্ৰকৃত জাতীয়তাবাদী অগপ সদস্যসকল এতিয়া অগপ দলৰপৰা ওলাই আহিব লাগে। কাৰণ জাতি শত্ৰুৰ লগত লগ লাগি অগপ দলো এতিয়া জাতি শত্ৰু হৈ পৰিল।
ইফালে কিছুদিনৰ পূৰ্বে বিজেপি সভাপতি ৰঞ্জিত দাসে পুনৰ অগপ দলে মিত্ৰতা কৰিলে নাগৰিকত্ব সংসোধনী বিধেয়কক সমৰ্থন কৰিম বুলি লিখিত প্ৰতিশ্ৰুতি দিব লাগিব বুলি কোৱা প্ৰসংগত অখিল গগৈয়ে কয়, বিজেপি সভাপতিয়ে যি দাবী কৰিছিল সেই দাবীক অগপ দলে সমৰ্থন কৰি মিত্ৰতা কৰিলে নেকি তাক ৰাজহুৱা কৰিব লাগে।