
গুৱাহাটীঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন নিযুক্তি বিভাগত সংঘটিত কেলেংকাৰী সন্দৰ্ভত বিজেপিক উভতি ধৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কেলেংকাৰীৰ তদন্ত অতিৰিক্ত মুখ্যসচিব জিষ্ণু বৰুৱাক দিয়াৰ সময়তে বিজেপিৰ দুই নেতা সুভাষ দত্ত আৰু জয়ন্ত মল্ল বৰুৱাই কেলেংকাৰী হোৱা নাই বুলি ৰাজহুৱাকৈ প্ৰকাশ কৰিছিল৷
গুৱাহাটী গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্রাম সমিতি মুখ্য কাৰ্যলয়ত কৃষক নেতাগৰাকীয়ে বুধবাৰে এক সংবাদমেল সম্বোধন কৰি কয় যে অসম লোকসেৱা আয়োগতকৈ ভয়ানক অসমৰ ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰীটোয়েই হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তি।
সেই কথা সমগ্ৰ অসমৰ ৰাইজে জনাৰ পাছতো বিজেপি দুই নেতা সুভাষ দত্ত আৰু জয়ন্ত মল্ল বৰুৱাই মঙলবাৰে নিযুক্তি কেলেংকাৰী হোৱা নাই বুলি ক্লিন চিট দিব বিচৰাটো দলটোৰ বাবে মূৰ্খামীৰ বাহিৰে আন একো নহয় বুলি অখিল গগৈয়ে কয়৷
কৃষক নেতাজনে তাৎপৰ্যপূৰ্ণভাৱে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমগ্ৰ বিষয়টোত অনিয়ম সংঘটিত হৈছে বুলি ইতিমধ্যে তদন্তৰ কমিটী গঠন কৰিছে। কিন্তু বিজেপিৰ সদস্যসকলৰ এনে ভাষ্যই প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰীৰ এই তদন্ত কিমান নিৰপেক্ষ হ’ব!
বৰপেটাৰ শ্ৰীমন্তপুৰৰ একেটা পৰিয়ালৰ চাৰিজন সদস্য ক্ৰমে দীপাংকৰ দাস, কৃষ্ণ বায়ন দাস, বোৱাৰী মৃদুলা ডেকা আৰু মৃদুলা ডেকাৰ ভনীয়েক পাঠশালাৰ পম্পী ডেকাই একেটা একেলগে একেটা বিভাগতে চাকৰি পালে। ইয়াতকৈ আৰু দুৰ্নীতিৰ প্ৰমাণ কি লাগে বুলি তেওঁ প্ৰশ্ন কৰে।
মন্ত্ৰী নৱ কুমাৰ দলেৰ নিজ সমষ্টিৰ মুঠ ২১ গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাইছে। কিন্তু অতি গুৰুত্বপূৰ্ণ কথা এই যে নিযুক্তি পোৱা ২১ গৰাকীৰ প্ৰাৰ্থী ২১ গৰাকীয়েই নৱ কুমাৰ দলেৰ আত্মীয় আৰু বিজেপি দলৰ সদস্যৰ পুত্ৰ, কন্যা বা পত্নী। এই ২১ গৰাকীৰ ৬ গৰাকীৰ প্ৰাৰ্থী পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ আত্মীয়। য’ত আছে দলেৰ ভতিজা আৰু ভাই-বোৱাৰী।
গগৈয়ে বিস্ফোৰণ ঘটাই কয় যে অসম গণ পৰিষদ দলৰ সৰ্বোচ্চ পদবীত থকা সদস্যৰ আত্মীয়য়ো চাকৰি পাইছে। এই সম্পৰ্কত দুই-এদিনতে তথ্যভিত্তিক অৱগত কৰিব বুলিও জানিবলৈ দিয়ে।