
শুক্লাইঃ ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ ভাৰত-ভূটান সীমান্তত সম্প্ৰতি আৰম্ভ হৈছে সেউজ বিপ্লৱ। জিলাখনৰ ভেৰগাঁও মহকুমাৰ ডিমাকুছি, ৰজাগড়, নালাপাৰা, শুক্লাই, আটাৰীখাট, বাদলাপাৰা, বামুনজুলী আদি অঞ্চলৰ হাজাৰ হাজাৰ নিবনুৱাই চাকৰিৰ আশা বাদ দি পৈতৃক সম্প্ৰতি ক্ষুদ্ৰ চাহ বাগিচা গঢ়ি অঞ্চলটোত সেউজ বিপ্লৱ আৰম্ভ কৰিছিল।
ক্ষুদ্ৰ চাহ খেতিৰ মাজেৰে নিজৰ লগতে পৰিয়ালটোক স্বচ্ছল ভাৱে পোহপাল দিয়াৰ বাবে খেতিয়ক সকলে অশেষ কষ্ট মূৰ পাতি লৈছিল৷ কিন্তু ক্ষুদ্ৰ চাহ খেচিয়ক সকলৰ কষ্ট মূল্যহীন কৰি তুলিছে বৃহৎ চাহ কোম্পানী গোষ্ঠীয়ে৷ ক্ষুদ্ৰ চাহ খেতিয়কে জনোৱা মতে, তেওঁলোকে দিনটো কষ্ট কৰি সংগ্ৰহ কৰি লৈ যোৱা কেঁচা চাহপাত উইলিয়ামচন টী মেগৰ নামৰ কোম্পানীয়ে প্ৰতি কুইন্টলত ২০ শতাংশকৈ কৰ্তন কৰি আহিছে।
ইয়াৰ উপৰি এই কোম্পানীয়ে নিম্নমানৰ কেঁচা চাহপাত বুলি কৈ কেঁচা চাহপাতসমূহ ঘুৰাই পঠিয়াই দিয়ে৷ ফলত ব্যাপক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল। যাৰ বাবে আজি কাতি বিহুৰ দিনাখন পেলাই দিব লগীয়া হৈছে কেঁচা চাহপাত সমূহ৷ আনহাতে পুৰঠ হৈ যোৱা বাবে চাহ গছৰ কেঁচা পাত সমূহো কাটি পেলাবলৈ বাধ্য হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে৷