লালুকঃ শিক্ষকক মানৱ সম্পদ গঢ়াৰ খনিকৰ বুলি কোৱা হয়৷ শিক্ষক হৈছে এখন সমাজৰ মেৰুদণ্ড স্বৰূপ৷ শিক্ষকক দেখিলে আজিও মানুহৰ মূৰ দো খাই৷ কিন্তু শেহতীয়াকৈ একাংশ শিক্ষকৰ কৰ্ম-কাণ্ডই শিক্ষক সমাজক লজ্জিত কৰি অহাৰ সময়তে দেওবাৰে এগৰাকী শিক্ষকে পৰস্ত্ৰীৰে অসংযত অৱস্থাত ধৰা পৰা কাৰ্যই সকলোৰে চকু কপালত তোলে৷

CLICK ►সুষমাৰ ভাষণ শুনি হাত-ভৰি লুকাল পাকিস্তানৰ

এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ হাৰমতীত৷ হাৰমতীৰ মেৰবিল পকাতলী আদিবাসী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক একাংশ লোকে বিদ্যালয়ত পৰস্ত্ৰীৰে অভিসাৰত লিপ্ত থকা অৱস্থাত উদ্ধাৰ কৰে৷ প্ৰধান শিক্ষক নবেন বিশ্বাস আৰু স্থানীয় মহিলাগৰাকীক ৰাইজে মাৰ-ধৰ কৰি কাণত ধৰাই ক্ষমা বিচাৰিবলৈ বাধ্য কৰে৷

CLICK ►সুষমাৰ ভাষণ শুনি হাত-ভৰি লুকাল পাকিস্তানৰ

স্থানীয় ৰাইজে মথাউৰিৰ ওপৰত শিক্ষকগৰাকী আৰু মহিলাগৰাকীক কাণত ধৰাই থিয় কৰি ৰাখে৷ পিছত হাৰমতি আৰক্ষীয়ে প্ৰধান শিক্ষক আৰু মহিলাগৰাকীক উদ্ধাৰ কৰে৷ মানৱ সম্পদ গঢ়াৰ খনিকৰ পৰস্ত্ৰীৰে থিয় হৈ কাণত ধৰিব লগা হোৱা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰে৷