
গোৰেশ্বৰঃ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত শূন্য শতাংশ ফলাফল প্ৰদৰ্শন কৰা ৩১ খন হাইস্কুলৰ প্ৰধান শিক্ষকক শিক্ষামন্ত্ৰীয়ে ছেবাৰ কাৰ্যালয়লৈ মাতি নি অপমান কৰাৰ কাৰ্য্যকত ৰাজ্য জুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে৷ এইবাৰ অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই প্ৰাদেশিকীকৰণ আন্দোলন কাৰ্যসূচীত ভাগ লৈ চৰকাৰক গালি দি অহাৰ প্ৰতিশোধস্বৰূপে শিক্ষকক অপমান কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
ঐক্যমঞ্চৰ সহঃ সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই এক বিবৃতিযোগে প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়া যিহেতু বিভাগীয় নীতি-নিয়মৰ মাজেৰে সম্পন্ন কৰিছিল চৰকাৰে, তেনেস্থলত বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ দোষ অকল আন্দোলন কাৰ্যসূচীত ভাগ লৈ চৰকাৰক গালি দিয়াটোৱে আছিল নেকি বুলি শিক্ষামন্ত্ৰীক উভতি ধৰে৷ এখন বিদ্যালয়ে স্বীকৃতি পোৱাৰ তিনি বছৰৰ ভিতৰত বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিব লাগে যদিও চৰকাৰে প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়া এৰাই চলাৰ বাবেহে শিক্ষক-কৰ্মচাৰীসকল ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছিল।
অৱসৰলৈ মাথো দুই-তিনি বছৰ বাকী থকা নিজৰ প্ৰাপ্য বিচাৰি অহাটোৱে তেওঁলোকৰ ভুল আছিল নেকি বুলিও প্ৰশ্ন কৰে ঐক্যমঞ্চই। সমান কামৰ সমান মজুৰি দিবলৈ সৰ্বোচ্চ ন্যায়ালয়ে ৰায় দিয়াৰ পিছতো ২০-২৫ বছৰে চৰকাৰে বিনা পাৰিশ্ৰমিকত খটুৱাই আছে ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীসকলক। ইয়াৰ পাছতো ৰাজহুৱাভাৱে ছেৱাৰ কাৰ্যালয়লৈ মাতি নি প্ৰধান শিক্ষকক সাংবাদিকৰ সমুখত জোৰ-জুলম কৰি মদাহী আখ্যা দিয়াটো দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে ঐক্যমঞ্চই।
চৰকাৰ তথা শিক্ষা বিভাগৰ বিদ্যালয় একত্ৰীকৰণ ব্যৱস্থা থকাৰ পাছতো সেয়া নকৰি ৰাজহুৱাভাৱে অপমান কৰাৰ অধিকাৰ শিক্ষামন্ত্ৰীয়ে ক'ত পালে বুলি ঐক্যমঞ্চই তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে। ঐক্যমঞ্চৰ সহঃ সাধাৰণ সম্পাদক গৰাকীয়ে শিক্ষামন্ত্ৰীগৰাকী একেখন আইনত একাংশই সুৰক্ষিত হৈ দা দৰমহা লাভ কৰাৰ বিপৰীতে বিত্ত বিভাগত থকা ৩২ হেজাৰ শিক্ষক-কৰ্মচাৰী কিয় সুৰক্ষিত নহ'ল বুলি কয়৷ চৰকাৰ সাজু হৈ পৰিছে বণিক গোষ্ঠীৰ দ্বাৰা পৰিচালিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানক ৰঙা দলিচা পাৰি দি মাতৃভাষা মাধ্যমৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান বন্ধ কৰাৰ বাবে।
শিক্ষক সংগঠনৰ নেতাগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি শিক্ষসকলক সংস্কাৰৰ নামত অপমান কৰাৰ পৰিৱর্তে শিক্ষা বিভাগক সংস্কাৰমুখী কৰিবলৈ আহ্বান জনাই। চৰকাৰী বিদ্যালয়ৰ ফলাফল বেয়া হোৱাৰ কাৰণ এন আৰ চিত শিক্ষকক দায়িত্ব দিয়া। যিসকলে এইবেলি চৰকাৰী বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা দিছিল তেওঁলোকৰ বেছিভাগেই গণিত, বিজ্ঞান, ইংৰাজী আদি বিষয়ৰ পাঠদানেই নাপালে। তাৰ কাৰণ আছিল উক্ত বিষয়ৰ প্ৰায়বোৰ শিক্ষকক চৰকাৰে এনে এটা কামত বছৰটো ব্যস্ত ৰাখিলে। নিৰ্বাচন আহিলে শিক্ষকক ডিউটী দিয়া, এন আৰ চিত শিক্ষকক ডিউটী দিয়া, লোকপিয়ল আহিলে শিক্ষকক ডিউটী দিয়া আদি গুৰুত্বপূৰ্ণ কাম শিক্ষকে কৰে আৰু শিক্ষকেই গালি খাব লাগে বুলি উভতি ধৰে প্ৰাঞ্জল কুমাৰ শৰ্মাই৷