মোৰাঝাৰঃ শিক্ষক আক্ৰমণক কেন্দ্র কৰি আজি উত্তপ্ত হৈ পৰে হোজাই জিলাৰ ডবকা চহৰ। পৰিস্থিতিয়ে এনে ৰূপ লয় যে ঘটনাস্থলীত আৰক্ষী, অৰ্ধ-সামৰিক বাহিনীৰ লোক মোতায়েন কৰিবলগীয়া হয়।

জানিব পৰা মতে, ডবকাৰ স্বপ্না হোটেলত আজি চাহ খাবলৈ আহিছিল ডবকা বালিকা বিদ্যালয়ৰ শিক্ষক শ্বফিকুৰ ৰহমান। চাহ-মিঠাই খোৱাৰ পিছত শিক্ষক শ্বফিকুৰ ৰহমানে ৫০টকীয়া নোট এখন উলিয়াই দিছিল। কিন্তু হোটেল মালিক লিটন দেৱনাথে খুচুৰা ৫ টকা বিচাৰে। 

খুচুৰা ৫ টকা দিব নোৱাৰাত হোটেলৰ মালিকজনে শিক্ষকজনক কটু কথা শুনায়। ইয়াৰ পিছতে দুয়োৰে মাজত আৰম্ভ হয় তৰ্কা-তৰ্কি। তাৰ পিছতে হোটেল মালিক লিটন দেৱনাথে শিক্ষকজনক আক্ৰমণ কৰে।

ঘটনাৰ লগে লগে বহু লোক উপস্থিত হয় হোটেলৰ সন্মুখত। পৰিস্থিতি ভয়ানক হোৱা দেখি হোটেলৰ গৰাকীয়ে পলায়ন কৰে। একাংশ লোকে আকৌ ঘটনাটোক সাম্প্ৰদায়িক ৰং দিয়াৰ চেষ্টা চলায়।

অৱশ্যে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। এই ঘটনাৰ পিছত সমগ্ৰ ডবকাত চেপা উত্তেজনাই বিৰাজ কৰিছে।