লাহোৱালঃ লাহোৱালৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান মদাৰখাত সীতাৰাম চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি শিক্ষক দিৱস পালন কৰা হয়৷ বিদ্যালয় খনত ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক কল‍্যান দত্ত‌ৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়৷

ছাত্ৰ একতা সভাৰ সাংস্কৃতিক সম্পাদিকা নলনী ঘাটোৱাৰে আঁতধৰে সভাত বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা যাচে ছাত্ৰ-ছাত্ৰীয়ে।

সভাত ২০১০ বৰ্ষৰ ডিব্ৰুগড় জিলাৰ কৃতী শিক্ষক তথা অৱসৰপ্ৰাপ্ত শিক্ষক বিদ‍্যাধৰ দত্তক সম্বৰ্ধনা জনায়। সভাত অধ‍্যক্ষা মৰ্জিনা গগৈ, হিৰন‍্য সেনিপতি, সঞ্জয় দত্ত‌ আদি উপস্থিত থাকে। বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰী দিম্পী দত্ত‌ই ৰাধাকৃষ্ণণৰ জীৱন আদৰ্শৰ সন্দৰ্ভত ভাষণ আগবঢ়োৱাৰ লগতে শিক্ষয়িত্ৰী ৰীমা গগৈ সেনাপতি আৰু কল্পনা হাতীবৰুৱাই গীত পৰিবেশন কৰি ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰে৷