
নামতিঃ ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি তথা শিক্ষক, দাৰ্শনিক, পণ্ডিত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস ৰূপে আজি দেশৰ সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয়-মহাবিদ্যালয়সমূহৰ লগতে শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চলটো উদযাপন কৰা হয়।
দাৰ্শনিক শিক্ষাবিদ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ৫৬ সংখ্যক জন্মদিনটো আজি শিৱসাগৰ জিলা ছাত্র সন্থাৰ অন্তর্গত নামতি আঞ্চলিক সমিতিয়ে বৃহত্তৰ নামতি অঞ্চলৰ আটাইকেইখন বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী সকলক সম্বৰ্ধনা জনাই শিক্ষক দিৱস পালন কৰে৷
নামতি আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ঋতুৰাজ দত্ত, সাধাৰণ সম্পাদক কর্ন্দপ নেওগ আৰু শিক্ষা সম্পাদক ভার্গব কোঁৱৰৰ উদ্যোগত সমিতি সমূহৰ বিষয়ববীয়াই এটা কিতাপৰ টোপোলা আৰু একোখনকৈ প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷
আজি শিক্ষক দিৱস উপলক্ষে নামতি আঞ্চলিক ছাত্র সন্থাৰ তৰফৰ পৰা জনোৱা উক্ত সম্বৰ্ধনা অনুষ্ঠানত শিৱসাগৰ জিলা ছাত্র সন্থাৰ অসীম দত্ত, নাজিৰা মহকুমাৰ তথ্য সম্পাদক নুৰুল ইছলামৰ লগতে নামতি আঞ্চলিক সমিতিৰ আন আন বিষয়ববীয়াও অংশগ্রহণ কৰে৷