গোৰেশ্বৰ/তুলসীবাৰীঃ শিক্ষক দিৱস পালন নকৰে ৩৫ হাজাৰ শিক্ষকে৷ শিক্ষক দিৱসৰ দিনা তেওলোকক ওলাই আহিব গুৱাহাটী মহানগৰীলৈ৷ ২০১১ চনৰ পদ প্ৰাদেশিকীকৰ বিলৰ অধীনত ৮৮৩২ খন শিক্ষানুষ্ঠানৰ ৪১৬৩৪ গৰাকী শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ কৰা হ'ল যদিও আজিকোপতি পদ প্ৰাদেশিকীকৰণ নোহোৱা ৩৫ হাজাৰ শিক্ষক-কৰ্মচাৰীয়ে শিক্ষক দিৱস পালন নকৰি প্ৰতিবাদ সাব্যস্ত কৰিব।

২০১৩চনৰ ১জানুৱাৰী আৰু  ২০১৪ চনৰ ১ আগষ্ট পৰা কাৰ্য্যকৰী হোৱাকৈ বকেয়া সহ দৰমহা প্ৰায় ১৬শ কৌটি টকা আদায় দিবলগীয়া হোৱাত চক্ৰান্তমূলক ভাৱে প্ৰাদেশিকীকৰণ আইন, ২০১১ বাতিল কৰে চৰকাৰে। একে যোগ্যতা থকা শিক্ষক কৰ্মচাৰীক পুনৰ বিভিন্ন আইনৰ আওতালৈ আনি বঞ্চিত কৰিব বিচৰাৰ প্ৰতিবাদত আগন্তুক ৫ চেপ্তেম্বৰত শিক্ষক দিৱস বৰ্জনৰ সিদ্ধান্ত লৈছে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই।

ঐক্যমঞ্চৰ সভাপতি আৰু সম্পাদক ক্ৰমে কুশল কুমাৰ হালৈ আৰু ভূৱনেশ্বৰ লহকৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি যোগে আজি এই কথা জানিব দিয়ে। সিদিনা সমূহ ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীয়ে শিক্ষক দিৱস বৰ্জন কৰি দিছপুৰ লাষ্টগেটত ধৰ্ণা কৰ্যসূচী ৰূপায়ন কৰিব। কালি ৰঙিয়াৰ জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা ঐক্যমঞ্চৰ এক ৰাজ্যিক সাধাৰণ  সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সংবাদ মাধ্যমলৈ প্ৰেৰিত প্ৰেছ বিবৃতিটোত কোৱা হৈছে যে-প্ৰাদেশিকীকৰণ আইন ২০১১ৰ অধীনত ৪১৬৩৪ হাজাৰ পদ প্ৰাদেশিকীকৰণ হ'ল যদিও ৩৫ হাজাৰ শিক্ষক কৰ্মচাৰীক নতুনকৈ পদ প্ৰাদেশিকীকৰণ আইন, ২০১৭ জাপি দি চক্ৰান্তমূলকভাৱে  সকলো সা সুবিধাৰ লগতে বেছি সংখ্যককে চাকৰিৰ পৰাও বঞ্চিত কৰাৰ এক কুটীল  ষড়যন্ত্র ৰচনা কৰি থকা হৈছে।

আনকি বৰ্তমানলৈ স্বীকৃতি আৰু অনুমতিপ্ৰাপ্ত প্ৰায় ১২ হাজাৰ যোগ্য বিবেচিত শিক্ষক কৰ্মচাৰীকো একে নতুন আইন আওতাত আনি হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে। ঐক্যমঞ্চই অহা ৩১আগষ্টৰ ভিতৰত ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু ব্লক পৰ্যায়ৰ শিক্ষা বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ এই বিষয়ে স্মাৰক পত্ৰ প্ৰদান কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই একাংশ ভুৱা শিক্ষানুষ্ঠানৰ উজুহাত দি ২০১১চনৰ প্ৰাদেশিকীকৰণ বিলৰ অধীনত একাংশ শিক্ষক কৰ্মচাৰীৰ পদ যিদৰে এফালে সুৰক্ষিত কৰি ৰাখিছে অথচ একে আইনৰ অধীনত ইতিমধ্যে যোগ্য বুলি বিবেচিত হোৱা আন একাংশ শিক্ষক কৰ্মচাৰীক ভাতে মৰাৰ যি ষড়যন্ত্র কৰিছে তাৰ তীব্র বিৰোধিতা কৰিছে ঐক্যমঞ্চই।

২০১১ ৰ পদ প্ৰাদেশিকীকৰ আইনখন  ২৩ চেপ্তেম্বৰ ২০১৬ ত বাতিলকৰণৰ পিছতো যিদৰে ৪১৬৩৪ গৰাকী শিক্ষক কৰ্মচাৰীক চৰকাৰে সুৰক্ষা প্ৰদান কৰিছে তেনেদৰেই ৩৫ হাজাৰ শিক্ষক কৰ্মচাৰীকো উক্ত ব্যৱস্থাৰে সুৰক্ষা প্ৰদান কৰিবলৈ চৰকাৰলৈ দাবী উত্থাপন কৰিছে ঐক্যমঞ্চই।

২০১৭ প্ৰাদেশিকীকৰণ আইনৰ ব্যাপক সংশোধনী কৰি ভেন্সাৰ শিক্ষানুষ্ঠানৰ প্ৰতি মাহীআইৰ দৃষ্টি এৰিবলৈ আহ্বান ৰাখিছে ঐক্যমঞ্চই। ভেন্সাৰ শিক্ষানুষ্ঠানৰ সমস্যাক অৱহেলা কৰি ৩৫ হাজাৰ  যোগ্য বিবেচিত শিক্ষক কৰ্মচাৰীক জিলা আৰু ৰাজ্যিক বাচনি সমিতিৰ দ্বাৰা বঞ্চিত কৰিব বিচৰা সিদ্ধান্তৰো তীব্র বিৰোধিতা কৰিছে ঐক্যমঞ্চই। ইয়াৰে প্ৰতিবাদত শিক্ষক দিৱস বৰ্জন কৰি সিদিনা লাষ্টগেট উত্তাল কৰি তুলিবলৈ সাজু হৈছে অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চ।