গোৰেশ্বৰঃ উজনিৰ নামনিৰ ভেন্সাৰ স্কুলৰ শিক্ষকৰ দুখ-দুৰ্দশা, দুৰ্গতি, আলৈ-বিলৈ কুলাই-পাচিয়ে নধৰা হৈছে৷ দিনৰ দিনটো শিক্ষাদানৰ নামত ব্যস্ত থাকি জীৱন যৌৱন সকলো শেষ কৰা হাজাৰ হাজাৰ শিক্ষকে এতিয়া হাহাকাৰ কৰিব লগা হৈছে৷

এসাজ ভাত, বস্ত্ৰ, সন্তানৰ পঢ়াৰ খৰছৰ বাবে আনৰ ঘৰত হাজিৰা নতুবা অইন কাম কৰিব লগা হৈছে৷ বহু শিক্ষাগুৰুৱে আনৰ গাড়ী চলাব লগা হৈছে, দিন হাজিৰা কৰিব লগা হৈছে৷ বহু শিক্ষকে পৰিয়াল পোহপাল দিব নোৱাৰি আত্মাহত্যা কৰিছে৷

বহু শিক্ষকে ৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰিবৰ বাবে হাতত অৰ্থ নোহোৱাৰ বাবে বিনা বেতনে পৃথিৱীৰ পৰা মেলানি মাগিছে৷ ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰম মিথ্যাচাৰৰ আশ্ৰয় লৈ ভেন্সাৰ শিক্ষানুষ্ঠানৰ হেজাৰ হেজাৰ শিক্ষক-কৰ্মচাৰীৰ জীৱনৰ সৈতে হেতালি খেলি আছে।

যোৱা বিধান সভা অধিৱেশনত প্ৰাদেশিকীকৰণ সম্পৰ্কীয় কেইবাখনো সংশোধনী বিল উত্থাপন কৰা হ'ব বুলি কৈ অৱশেষত এখনো উত্থাপন নকৰি ভেন্সাৰ শিক্ষক-কৰ্মচাৰীক উপলুঙা কৰাই নহয় তেওঁলোকৰ জীৱনলৈও নমাই আনিছে অনিশ্চয়তা৷

হেজাৰ হেজাৰ ভেন্সাৰ শিক্ষকৰ পৰিয়াললৈ ঘোৰ অমানিশা নমাই আনিব বিচৰা ৰাজ্যৰ বহুবল্কী শিক্ষামন্ত্ৰীগৰাকীক এইবাৰ ছচিয়েল মেডিয়া যোগে সৰৱ হৈ পৰিল ৰাজ্যৰ এগৰাকী অপ্ৰাদেশিকৃত শিক্ষক। হোৱাটছএপৰ ভিডিঅৰ জৰিয়তে শিক্ষকগৰাকীয়ে শিক্ষামন্ত্ৰীৰ ওপৰত ক্ষোভ উজাৰে৷ 

অপ্ৰাদেশিক শিক্ষকসকলৰ প্ৰতি কোনো কাণসাৰ নাই দিছপুৰীয়া মন্ত্ৰী-বিধায়কসকলৰ। যি সময়ত মন্ত্ৰী বিধায়কে নিজৰ দৰমহা বৃদ্ধি কৰি নিজৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ বাবে উঠিপৰি লাগিছে সেই সময়ত ভেন্সাৰ শিক্ষকক বছৰ বছৰজুৰি মানৱ সম্পদ গঢ় দিবলৈ কৰি অহা কষ্টৰ মাননী দিবলৈ শিক্ষামন্ত্ৰী, বিত্তমন্ত্ৰী ড০ শৰ্মাৰ এলাৰ্জি উঠে।

নিজৰ ল'ৰা ছোৱালীক এযোৰ ভাল কাপোৰ দিব নোৱাৰা বা নিজ পিতৃ-মাতৃক অকণো সহায় কৰিব নোৱাৰা এটি অৱস্থালৈ ঠেলি লৈ গৈছে শিক্ষামন্ত্ৰীয়ে। বাৰে বাৰে মিছা কথাকৈ শিক্ষকক প্ৰতাৰণা কৰি অহা শিক্ষামন্ত্ৰীৰ পৰা সমাজে কি আদৰ্শ ল'ব বুলি প্ৰশ্ন কৰিছে এম ই স্কুলৰ এইজন শিক্ষকে। 

নিতৌ নতুন নতুন আইন প্ৰস্তুত কৰি থকা শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ দৰে শিক্ষকক প্ৰাদেশিকীকৰণ নকৰি কেৱল অমানৱীয় স্থিতি লোৱা শিক্ষামন্ত্ৰীক সময়ে কেতিয়াও ক্ষমা নকৰে বুলি শিক্ষকগৰাকীয়ে প্ৰকাশ কৰিছে ভিডিঅটোত।