newsnextone.com| নলবাৰীঃ নলবাৰী জিলাৰ চামতাত ১৯৪০ চনত জন্ম গ্ৰহন কৰি শিক্ষকতা বৃওিক জীৱনৰ ব্ৰত হিচাপে লৈ নিজ পৰিয়ালৰ লগতে বিদ্যালয় অাৰু সমাজ পৰিচালনা কৰা এজন সু-সমাজকৰ্মী, কৃতি শিক্ষক হিচাপে ক্ষ্যাতি লাভ কৰা অপূৰ্ব কুমাৰ বৰ্মনৰ যোৱা ১৬ অাগষ্টত মৃত্যু হয়। সেয়হে অাজি নিজ বাস গৃহ চামতাত নিজ পৰিয়াল অাৰু গুন মুগ্ধ সকলৰ উপস্থিতিত তেখেতৰ মৃত্যুৰ এমহীয়া তিথি পালন কৰা হয় লগতে প্ৰয়াত অপূৰ্ব কুমাৰ বৰ্মনক পুনৰ এৱাৰ সকলোৱে স্মৰণ কৰে৷