Image Source: Deccan Chronicle
Image Source: Deccan Chronicle

গোৰেশ্বৰঃ পৰিৱৰ্তনকামী অসম চৰকাৰৰ শিক্ষা বিভাগৰ গাফিলতিৰ বাবে ৰাজ্যখনৰ একাংশ শিক্ষিত নিবনুৱাই এতিয়া চৰম  দুশ্চিন্তাত পৰিবলগীয়া হৈছে।

ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ তত্ত্বাৱধানত ২০১৬ চনৰ ২৯ জুলাইত প্ৰকাশিত RMSA-special-TET-for-BTC-745-2016-9 নং বিজ্ঞপ্তি মৰ্মে চলিত বৰ্ষৰ ৮ জানুৱাৰীত ৰাজ্যখনৰ বিভিন্ন কেন্দ্ৰত হাইস্কুল টেট পৰীক্ষা অনুষ্ঠিত হৈ যায়।

৮ মে’ত ঘোষিত ফলাফল মৰ্মে পৰীক্ষাত অৱতীৰ্ণ মুঠ ২৭৫৬ গৰাকী পৰীক্ষাৰ্থীৰ ৩৫৮ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হয়। পৰিতাপৰ বিষয় এই যে,নিয়োগ কৰাটো দূৰৰে কথা, আজি পৰ্যন্ত প্ৰাৰ্থীসকলক উৰ্ত্তীণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা নহ’ল ৷

ইয়াৰ বিপৰীতে যোৱা ১ আগষ্টত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনত পুনৰ হাইস্কুল টেট পৰীক্ষাৰ বিজ্ঞাপন প্ৰকাশ কৰে।

পূৰ্বৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ মকৰলৰ কোনো ব্যৱস্থা নকৰাকৈ নতুনকৈ টেট পৰীক্ষাৰ বিজ্ঞাপন দিয়াত ইতিমধ্যে হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে তেওঁলোকৰ ভৱিষ্যত জীৱনক লৈ চিন্তিত হৈ পৰিছে।