19
Aug
2017

তেজপুৰঃ ছৱিয়ে কথা কয়৷ নৱ প্ৰজন্মক ছৱিৰ ভাষাৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্য আগত ৰাখি বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষে শুকুৰবাৰে ‘তেজপুৰ ফটোগ্ৰাফী ক্লাৱে’ এখনি আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত কৰে৷
দুদিনীয়া কাৰ্যসূচীৰে তেজপুৰ চহৰত অনুষ্ঠিত কৰা এই প্ৰদৰ্শনীত বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনী বৰুৱা, বাৰ্লিন শইকীয়া, জিতু ডেকা, বাবুল পঞ্চানন আদিকে ধৰি ৪৫ গৰাকী আলোকচিত্ৰ শিল্পীৰ আলোকচিত্ৰ প্ৰদৰ্শিত হয়৷
ছৱিৰ কথাৰে মুখৰিত দুদিনীয়া অনুষ্ঠানটোত অসংখ্য চিত্ৰপ্ৰেমীৰ উপস্থিতিৰে পৰিৱেশ জীপাল হৈ পৰে৷