তেজপুৰঃ বৰদিনৰ পূৰ্বে ৰাজ্যবাসীলৈ দুঃসংবাদ৷ বিশিষ্ট শিক্ষাবিদ, প্ৰথিতযশা ধৰ্মগুৰু তথা অৱসৰপ্ৰাপ্ত বিছপ ৰবাৰ্ট কেৰকাটাৰ পৰলোকপ্ৰাপ্তি ঘটে৷

দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত শনিবাৰে দুপৰীয়া চিকিৎসাধীন অৱস্থাত তেজপুৰ ব্যাপ্তিষ্ট মিছন হাস্পতালত মৃত্যুক আঁকোৱালি লয় বৰ্ষীয়ান ধৰ্মগুৰু ৰবাৰ্ট কেৰাকাটাই৷

৯০ উৰ্ধৰ এই গৰাকী ব্যক্তিয়ে ১৯৮১ চনৰ ৩১ জানুৱাৰীৰপৰা ২০১৭ চনৰ ৩ ডিচেম্বৰলৈ তেজপুৰৰ লগতে উত্তৰ অসমৰ কেথ'লিক বিদ্যালয়সমূহৰ অধ্যক্ষৰ পদ চম্ভালিছিল৷ কেৱল তেজপুৰ বা অসমেই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে শিক্ষা আৰু স্বাস্থ্যৰ উত্তৰণৰ দিশত আছিল অনবদ্য বৰঙনি আগবঢ়ায়৷

এগৰাকী ধৰ্মীয় গুৰুৰ লগতে সবল নেতৃত্ব দিব পৰা ৰবাৰ্ট কেৰকাটাই গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকৰ লগতে বিশেষকৈ চাহ বাগিচাসমূহত শৈক্ষিক দিশত গুৰুত্ব দিছিল৷ ইয়াৰোপৰি অনাময় আঁচনি ৰূপায়নতো ৰবাৰ্ট কেৰকাটাৰ আছিল অভূতপূৰ্ব বৰঙণি৷

শোণিতপুৰ, বিশ্বনাথ, উত্তৰ লক্ষিমপুৰ, ধেমাজি, নগাঁও, ওদালজুৰি আৰু দৰং জিলাৰ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোক সকলৰ বাবে ৰবাৰ্ট কেৰকাটা আছিল অতিকৈ চিনাকি নাম৷ এইকেইখন জিলাৰ দৰিদ্ৰ লোক তথা ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণত ওৰেটো জীৱন পাৰ কৰা কেৰকাটা তেজপুৰ ছ'চিয়েল ছাৰ্ভিচ ছ'চাইটীৰো অধ্যক্ষ আছিল৷

কেৰকাটাৰ মৃত্যু সমগ্ৰ ৰাজ্যখনৰ বাবেই এক অপূৰণীয় ক্ষতি হিচাপে বিবেচিত হৈছে। ৰবাৰ্ট কেৰকাটাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সহস্ৰাধিক লোকে ভিৰ কৰেহি তেজপুৰ বিছপ হাউছত৷

ইফালে বৰদিনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকাৰ সময়ত ৰবাৰ্ট কেৰকাটাৰ মৃত্যুৱে সকলোকে শোকস্তব্ধ কৰি তুলিছে৷

সেয়ে এইবেলি তেজপুৰত জাকজমকতাৰে অনুষ্ঠিত নহয় বৰদিন৷ সকলোৰে বাবে ৰবাৰ্ট কেৰকাটাৰ নশ্বৰদেহ এনেদৰে তেজপুৰ বিছপ গৃহতে ৰখা হ'ব আৰু সকলোৱে প্ৰাৰ্থনা জনাব পাৰিব৷

বৰদিনৰ পিছত ২৭ ডিচেম্বৰত খ্ৰীষ্টান ধৰ্মীয় ৰীতি-নীতিৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব ৰবাৰ্ট কেৰকাটাৰ৷