তেজপুৰঃ তেজপুৰত চলি থকা বি জে পিৰ ৰাজ্যিক অধিৱেশনত অংশ ল’বলৈ অহা নেতাৰ বৰুদ্ধে প্ৰতিবাদ দেখা যায়। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথলৈ উলাই আহা জনতাই বি জে পি ধিক্কাৰ দি হিমন্তবিশ্ব শৰ্মাক ধিক্কাৰ দিয়ে। সদৌ শোণিতপুৰ জিলা ছাত্র সন্থাই লগতে ক’লা বেলুন আকাশলৈ এৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশী প্ৰীতিক ধিক্কাৰ দিলে সমগ্র তেজপুৰ তথা শোণিতপুৰবাসী ৰাইজে ছাত্ৰ সন্থাৰ সহযোগত।