
তেজপুৰঃ অভিনয় জীৱনৰ ৫০ বছৰীয়া পৰিক্ৰমা অতিক্ৰম কৰা অসমৰ চলচিত্ৰ জগতৰ চিৰসেউজ অভিনেতা নিপন গোস্বামী আৰু বৰ্তমান সময়লৈকে সহস্ৰাধিক যুগজয়ী গীত ৰচনা কৰি সংগীত জগতত এক আলোড়ৰন সৃষ্টি কৰা বিশিষ্ট গীতিকাৰ-সুৰকাৰ হিৰেন গোহাঁইক ২০১৮ বৰ্ষৰ 'চাতক’ সন্মান প্ৰদান কৰা হয়।
তেজপুৰৰ ঐতিহ্যমণ্ডিত বান থিয়েটাৰত শনিবাৰে এই সন্মান প্ৰদান কৰা হয়। অগ্ৰনী সাংস্কৃতিক অনুষ্ঠান চাতকে প্ৰতিবছৰে সমাজ আৰু সাংস্কৃতিক জগতলৈ বৰঙণি আগবঢ়োৱা দুগৰাকীকৈ বৰেণ্য ব্যক্তিক এই সন্মান প্ৰদান কৰি আহিছে।
জিলা উপায়ুক্ত মনোজ কুমাৰ ডেকাৰ উপস্থিতত দুয়োগৰাকী বিশিষ্ট ব্যক্তিক এই চাতক বঁটা প্ৰদান কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক মদন শৰ্মাই।