
তেজপুৰঃ চাওতালসকল ভুমিপুত্ৰ।এই চাওতালসকলৰ ভূমিৰ অধিকাৰ থাকিলেহে আমাৰ থলুৱা জাতি-জনগোষ্ঠীসমূহৰ অস্তিত্ব থাকিব, ভূমিৰ অধিকাৰ থাকিলেহে আমাৰ আজোককাৰ দিনৰ ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি সুৰক্ষিত হ'ব বুলি মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী সবানন্দ সোণোৱালে।
শনিবাৰে কাৱৈমাৰীত চলি থকা চাওতাল ছাত্ৰসন্থাৰ একাদৰ্শ বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে ভাষণ দি তেওঁ লগতে কয় যে আমি ইতিমধ্যে অসমৰ প্ৰায় ১১,৫০০ টা থলুৱা ভূমিহীন পৰিয়ালক একেদিনাই ভূমিৰ পট্টা প্ৰদান কৰিছোঁ।
চাওতাল লোকসকলৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে এই বছৰৰ ভিতৰত ৰাজ্যৰ সকলো জিলা সামৰি প্ৰায় ১ লাখ চাওতাল ভূমিহীন পৰিয়ালক ভূমিৰ পট্টা দিয়াৰো চৰকাৰে লক্ষ্য স্থিৰ কৰিছে বুলি তেওঁ উল্লেখ কৰে।
চাওতালসকলৰ বিকাশৰ বাবে অসম চৰকাৰে এককোটি অৰ্থ সাহায্য আগবঢ়োৱাৰ কথাও মুখ্যমন্ত্ৰীজনে ঘোষণা কৰে।
চাওতাল ছাত্ৰসন্থাৰ এই মুকলি সভাত উপস্থিত থাকে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ আৰ পি শৰ্মা, স্থানীয় বিধায়ক অশোক সিংহাল তথা বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু প্ৰমুখ্যে ভাৰতীয় জনতা পাৰ্টীৰ বহু নেতা।
এই কাৰ্যসূচীৰ পূৰ্বে মুখ্যমন্ত্ৰী সোণোৱালে ঢেকিয়াজুলি সমষ্টিৰ ৮১ টা পকী পথৰ আধাৰশিলা স্থাপন কৰে।