
তেজপুৰঃ তেজপুৰ হৰিহৰ ক্ষেত্ৰৰ পৰা অপুৰ্ব বৰাঃ অসমত বেদ, উপনিষদ আৰু বৈষ্ণৱসকলক চিন্তধাৰা অধিক প্ৰচাৰ আৰু প্ৰয়াসৰ বাবে অসমত গঢ়ি উঠা অসম বৈদিক বৈষ্ণৱ মহাসভাৰ কেন্দ্ৰীয় দ্বাদশ দ্বি-বাৰ্ষিক অধিৱেশন তেজপুৰৰ হলেশ্বৰৰ হৰিহৰি ক্ষেত্ৰত জানুৱাৰী মাহৰ ২৭ তাৰিখৰপৰা ৩০ তাৰিখলৈ অনুষ্ঠিত হ'ব।
অধিৱেশনৰ লাইখুঁটা মাংগলিক কৰ্মৰ মাজৰে সমাপণ কৰে মদাৰগুৰি সত্ৰাধিকাৰ যজ্ঞেশ্বৰ মহন্তই। অসম বৈদিক বৈষ্ণৱ মহাসভাৰ কেন্দ্ৰীয় আৰু জিলা সমিতি উপস্থিত থকা হৰি হৰি ক্ষেত্ৰত সত্ৰত উদযাপন সমিতিৰ সভাপতি প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰ উপস্থিত থকা অনুষ্ঠানটোত ৰাইজৰ উপস্থিতিৰ উদুলি-মুদুলি পৰিৱেশ হৈ পৰে।