- নিজ কন্যাৰ বিয়াৰ বাবে বেংকৰ পৰা উলিওৱা ডেৰ লাখ টকা লুটিলে চিলনী চোৰে
- টকাৰ বেগ লৈ উধাও চোৰ৷
- ভুক্তভোগীৰ সন্দেহ বেংকৰ লোক জৰিত আছে চুৰিকাণ্ডৰ লগত৷

তেজপুৰঃ তেজপুৰত দিন-দুপৰতে চোৰে লুটিলে ডেৰ লাখকৈ টকা৷ চতিয়াৰ কুসুমতলাৰ শিম্ভু বৰ্মণ নামৰ অসম আৰক্ষীৰ ১২ নং বেটেলিয়নৰ কৰ্মচাৰীজনে লগত পত্নী ইয়ানু বৰ্মণক লগত লৈ সোমবাৰে তেজপুৰৰ ষ্টেট বেঙ্কৰ পৰা নিজ কন্যাৰ বিয়াৰ বাবে টকা উলিয়াবলৈ আহিছিল ৷ তেজপুৰৰ ষ্টেট বেঙ্কৰ মুখ্য শাখাৰ পৰা শিম্ভু বৰ্মণে নিজৰ একাউন্টৰ পৰা ১ লাখ টকা উলিয়ায় আৰু এটিএমৰ পৰা উলিয়াই ৫০ হাজাৰ টকা উলিয়ায়৷
বেঙ্কৰ পৰা উলিওৱা সমুদায় ডেৰ লাখ টকা এখন বেগত লৈ বেংকৰ পৰা তললৈ নামি অহাৰ মুহুৰ্ততে ইয়ানু বৰ্মণৰ নামৰ গৰাকী মহিলাৰ হাতৰ পৰা পূৰ্বৰে পৰা তাত খাপ পিতি ৰৈ থকা চোৰে টকাৰ বেগটো কাঢ়ি লৈ উধাও হয়৷
এই ঘটনাৰ পিছতে ভুক্তভোগী মহিলা গৰাকীয়ে ষ্টেট বেঙ্কৰ প্ৰধান শাখাটোৰ প্ৰৱন্ধক জনকহে দোষাৰোপ কৰে৷ কিয়নো টকা উলিয়াই তেওঁলোক প্ৰৱন্ধকৰ কাষ চপাৰ সময়ত এটা চোৰক হেনো প্ৰৱন্ধকে মাত দিছিল আৰু নিম্ন স্বৰত কথাও পাতিছল ৷ সেয়ে ভুক্তভোগী মহিলা গৰাকীয়ে ধন লুটৰ ঘটনাৰ লগত বেংকটোৰ কোনো লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে৷
ঘটনাৰ খৱৰ দিয়াৰ পিচত আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷
তেজপুৰৰ পৰা অপুৰ্ব বৰা