04
Feb
2019

তেজপুৰঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ১নং ৱাৰ্ড শিৱ মন্দিৰ প্ৰাংগনত সোমবাৰে উদুলি মুদুলি পৰিৱেশ। উপলক্ষ সমূহীয়া বিবাহ। একেটা বিবাহ মণ্ডপত একেলগে ৪০০ ৰো অধিক বিয়া।
ন-সাজত ন-ৰূপত যুগ্ম জীৱনৰ পাতনি মেলিলে সামূহিক বিবাহত ৪০০ যোৰা দৰা-কইনাই।
হিন্দু চাহ জনগোষ্ঠী সুৰক্ষা পৰিষদ, সেৱায়ান আৰু সেৱা ভাৰতী পূৰ্বাঞ্চল তথা ৰঙাপৰা ৰাইজৰ সহযোগত ৰঙাপৰাৰ ১নং ৱাৰ্ড শিববাৰী প্ৰাংগনত অনুষ্ঠিত হোৱা এই সামূহিক বিবাহ অনুষ্ঠানত চাৰিশ জোৰা দৰা কইনাৰ সামূহিক বিবাহ সম্পন্ন হয়। সমাজত বিভিন্ন কাৰণত ব্যক্তিগতভাৱে হিন্দু ৰীতি-নীতি অনুসৰি বিবাহ পাশত আবদ্ধ হ’ব নোৱাৰা দম্পতীসকলৰ সুবিধাৰ বাবে সামূহিক ভাৱে অনুষ্ঠিত হ’বলগীয়া এই বিবাহ অনুষ্ঠানত বিভিন্ন জনগোষ্ঠীৰ ধৰ্মগুৰু আৰু সত্ৰাধিকাৰসকল উপস্থিত থাকে।