নগাঁও/তেজপুৰ/ৰঙিয়াঃ বুধবাৰে দুপৰীয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰে। কামৰূপ, তেজপুৰ, নগাঁও আদি জিলাত বিস্তৰ ক্ষতি সাধন কৰাৰ খবৰ আহিছে৷ ৰঙিয়াত বহু বাসগৃহ ভাঙি পৰাৰ লগতে গছ–গছনি বাগৰি পৰাত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে৷ ফলত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে।
দক্ষিণ কামৰূপৰ সোণতলী অঞ্চলটোত প্ৰচণ্ড ধুমুহা বিস্তৰ ক্ষতি সাধন কৰে। টাঙোনমাৰী, ৰাংগ পানী, জাওকাটা, ডেকাচাং, ছমৰীয়াপাম আদি অঞ্চলত ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে।

নগাঁও জিলাৰ পশ্চিম অঞ্চলত বুধবাৰে ৪ বজাত প্ৰৱল ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰাৰ বিপৰীতে গঞাৰাইজক আতংকিত কৰি তোলে৷ প্ৰায় ২০ মিনিট সময়জুৰি তীব্ৰ বেগত অহা এই ধুমুহাই জিলাখনৰ বেবেজীয়া, জাজৰি, চকলাঘাট, হাতীচোং, কুৰুৱাবাহী, ডিমৌ,ৰাইদঙীয়া, শেতালী,মাহৰিআটি, ঘাঁহী, দলংঘাট, কাকমাৰী, নমাটি, ভালুকমাৰী, বৰছিলা, কুঁজি, কহুৱাআটি, টুকটুকী, কটহগুৰি, ছালনাবড়ি, ধিং, ধূপগুৰি, ভেৰভেৰি, কদমনি, আহোমগাঁও, বৰিবজাৰ, আইভেটী, আলিছিঙা, গা-খজুৱা, শিমলুগুৰি আদি অঞ্চলৰ বহুলোকৰ বাসগৃহৰ ক্ষতিসাধন কৰে৷ 

গোহালি, ভৰাঁলঘৰ, নামঘৰ, মন্দিৰ আৰু ব্যৱসায়-প্ৰতিষ্ঠান আদিৰ টিনপাট বহু দূৰলৈ উৰুৱাই নিয়ে৷ আনহাতে ঠায়ে ঠায়ে মূল্যৱান গছ, নাৰিকল, তামোল, বাঁহ, কলগছকে ধৰি ভালেসংখ্যক সৰু-বৰ গছ-গছনি উভালি পৰি বিদ্যুৎ পৰিবাহী তাৰ ছিগি পেলাই বিস্তৰ ক্ষতিসাধন কৰাত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে৷ তদুপৰি কৃষিজীৱি ৰাইজে বহু কষ্টৰে ৰোপন কৰা বড়ো ধান আৰু শাক-পাচলি খেতিৰ ধুমুহা আৰু বৰষুণৰ কৱলত পৰি ঠাই বিশেষে বিনষ্ট হয়৷

আনহাতে বিয়লি তেজপুৰ চহৰতো ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে৷ আবেলি ৫ বজাৰ পৰা আৰাম্ভ হোৱাৰ ধুমুহাৰ তাণ্ডৱৰ ফলত ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰিব লগা হোৱাৰ লগতে গাড়ী মটৰৰ চলাচল বন্ধ কৰিব লগা হয়৷ তেজপুৰ চহৰৰ লগতে ৰঙাপৰা, মিছামাৰী, বিন্দুকুৰিতো বিস্তৰ ক্ষতি সাধন হোৱাৰ খবৰ পোৱা হৈছে৷