
তেজপুৰঃ জনজাতীকৰণৰ দাবীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আছা ,আটছা আৰু আক্ৰাছুকে ধৰি একাধিক সংগঠন।
নিৰ্বাচনৰ পূৰ্বে ছয় মাহত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা চৰকাৰে বিগত সময়ছোৱাত জনজাতিকৰণৰ ক্ষেত্রত একোৱেই নকৰাৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰীসকলে কেন্দ্ৰ-ৰাজ্য চৰকাৰ হায় হায়, জনজাতিকৰণ কৰিবই লাগিবই ,ন' জাষ্টিচ ন' ৰেষ্ট আদি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে বালিপৰা উত্তাল কৰি তোলে।