19
Nov
2018

তেজপুৰঃ ৰাস পূৰ্ণিমালৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শোণিতপুৰতো চলিছে ৰাস মহোৎসৱৰ ব্যাপক আয়োজন। ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস উদযাপন সমিতিৰ সহযোগত অহা ২২ আৰু ২৩ নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৮৩ বাৰ্ষিক ৰাস মহোৎসৱৰ৷ এইবেলি ৰাসৰ মণ্ডপ আৰু বিভিন্ন লীলাসমূহ আকৰ্ষিত কৰি তোলাৰ বাবে খনিকৰসকল বৰ্তমান দিনে নিশাই ব্যস্ত থকাৰ লগতে ৰাস মহোৎসৱৰ ১১ টা চুবুৰিৰ শিশু, মহিলাকে ধৰি অঞ্চলটোৰ যুৱক-যুৱতী আখৰাত ব্যস্ত হৈ পৰিছে।