তেজপুৰঃ বিগত সময়ছোৱাত গৱেষণা, শিক্ষাদান, আন্তঃগাঁথনি আদি সকলো ক্ষেত্ৰতে দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰূপে স্বীকৃত পোৱা তেজপুৰ বিশ্ববিদ্যালয়ৰ শিৰত পুনৰ উজ্বলিছে গৌৰৱৰ আন এক মুকুট।

তেজপুৰ বিশ্ববিদ্যালয়লৈ আকৌ লাভ কৰিছে আন এক ৰাষ্ট্ৰীয় সন্মান। ২০১৫-১৬ বৰ্ষৰ ৰাজ্যভাষা হিন্দীৰ শ্ৰেষ্ঠ ৰূপায়ণৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ক আগবঢ়োৱা হৈছে এক বিশেষ বঁটা।

নতুন দিল্লীৰ বিজ্ঞান ভৱনত ২২ মে’ত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশত মানব সম্পদ বিকাশ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ড. মহেন্দ্ৰ নাথ পাণ্ডেয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ ডীন, বিদ্যায়তনিক বিষয়ৰ অধ্যাপক ধ্ৰুব কুমাৰ ভট্টাচাৰ্য আৰু বিশ্ববিদ্যালয়ৰ হিন্দী বিষয়া কুল প্ৰসাদ উপাধ্যায়ক এই বঁটা প্ৰদান কৰে।