
তেজপুৰঃ শোণিতপুৰ জিলাত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোক সভা নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে তেজপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ইলেক্ট্ৰনিক ভোটিং মেচিন(ই.ভি.এম) আৰু পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচনত ব্যৱহাৰ কৰিবলৈ লোৱা ভি ভি পেট মেচিন ব্যৱহাৰ তথা ইয়াৰ কাৰ্য প্ৰণালীৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে সাংবাদিক আৰু ৰাজনৈতিক দলৰ তথা নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰতিনিধিসকলৰ বাবে এখন সভা অনুষ্ঠিত কৰা হয়৷
জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত নৰসিঙ পৱাৰে উদ্বোধন কৰা এই সভাখনত নিৰ্বাচনী বিষয়া ণ্ডভ্ৰম আদিত্য বৰাই অংশগ্ৰহণ কৰি উপস্থিত সকলোকে ভোট গ্ৰহণৰ সমষ্ট প্ৰক্ৰিয়া আৰু কাৰ্যপ্ৰণালীৰ বিষয়ে বিৱৰণ দাঙি ধৰাৰ লগতে এজন ভোটদাতাই দিয়া ভোটটো সঠিক প্ৰাৰ্থীগৰাকীয়েই লাভ কৰিছে নে নাই সেইটো ভি ভি পেট মেচিনৰ ‘ডিছপ্লে’ত ৭ চেকেণ্ডৰ বাবে কাগজ এটুকুৰাত প্ৰাৰ্থীগৰাকীৰ নাম আৰু চিহ্নসহ প্ৰদৰ্শন কৰা হ’ব বুলি জনায়৷
ই ভি এম আৰু ভি ভি পেট মেচিনৰ কাৰ্যপ্ৰণালীৰ বিষয়ে ৰাইজৰ মাজত সজাগতা বৃদ্ধিত বিশেষ ভূমিকা পালন কৰিবলৈ সংবাদকৰ্মীসকলক জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত নৰসিং পাৱাৰে আহবান জনায়।
আনহাতে, বুধবাৰে ১৩ মাৰ্চত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত তেজপুৰ জিলাৰ লোকসভাত নিৰ্বাচনৰ বাবে নিয়োজিত খণ্ড আৰু মাণ্ডলিক বিষয়াসকলক লৈ এখন সভা অনুষ্ঠিত কৰা হয়৷
জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত নৰসিঙ পৱাৰে আগন্তুক ১১ এপ্ৰিলত জিলাখনত অনুস্থিত হ’বলগীয়া লোক সভা নিৰ্বাচন নিয়াৰিকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত মাণ্ডলিক আৰু খণ্ড বিষয়া সকলৰ পূৰ্ণ সহযোগিতা কামনা কৰাৰ লগতে ভোট গ্ৰহণ কেন্দ্ৰ সমূহত থাকিব লগা সুবিধা, যাতায়াত ব্যৱস্থা, আইন শৃংখলা আদি দিশ পৰ্যবেক্ষণ কৰি এই ক্ষেত্ৰত অনতিপলমে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহবান জনায়।
অতিৰিক্ত উপায়ুক্ত কে কে শৰ্মাই উপস্থিত বিষয়াসকলক জনাই যে চি-ভিজিল (C-Vigil) নামৰ এনদ্ৰইড ম’বাইল এপ্লিকেচনটিৰ জৰিয়তে নিৰ্বাচনত কোনো প্ৰাৰ্থীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা অভিযোগ থাকিলে প্ৰাৰ্থীগৰাকীৰ বিৰোদ্ধে প্ৰত্যক্ষভাৱে আলোকচিত্ৰ/ ভিডিঅ’ আপলোড কৰি অভিযোগ দাখিল কৰিব পাৰিব। এই ক্ষেত্ৰত ভোটাৰ ৰাইজেও নিজৰ ম’বাইলত এই এপটো ডাইনলোড কৰি এনে কোনো অভিযোগ দৃষ্টিগোচৰ হ’লে এপটোৰ যোগেদি জনাব পাৰিব৷
সভাত অতিৰিক্ত উপায়ুক্ত পৰাগ কাকতি, নিৰ্বাচনী বিষয়া শুভ্ৰম আদিত্য বৰা, চক্ৰ বিষয়াসকল উপস্থিত থাকে৷