29
Jun
2017

বঢ়মপুৰঃ নগাঁও জিলাৰ চামগুৰিৰ উদমাৰিত ৰহস্যজনক ডকাইতি কাণ্ড সংঘটিত হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। উদমাৰিৰ আৰ্শ্বৰিতা বাৰলু নামৰ এগৰাকী মহিলাৰ ঘৰত নিশা দহ-বাৰ জনীয়া ডকাইতৰ দলে প্ৰৱেশ লুট-পাট চলায়।
ডকাইতৰ দলটোৱে নগদ ২২ হাজাৰ টকা আৰু সোণৰ গহনা লুটি নিয়াৰ লগতে বাৰলুৰ ঘৰতে থকা সমবায় দোকানৰ যাৱতীয় নথি-পত্ৰ চোৰে লৈ যায়।
আৰ্শ্বৰিতা বাৰলু নামৰ মহলাগৰাকীৰ বিৰুদ্ধে সমবায় প্ৰতিষ্ঠান খনত ব্যাপক দুৰ্নীতি সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
যোগান বিভাগৰ লোক আজি অহাৰো কথা আছিল আৰ্শ্বৰিতা বাৰলুৰ সমবায় দোকান খনলৈ। যোগান বিভাগৰ মানুহ অহাৰ পুৰ্বে চুৰি কাৰ্য সংঘটিত হোৱাত ৰহস্যৰ সৃষ্টি হৈছে৷