20
Aug
2017

ৰঙিয়াঃ ব্যৰ্থ ৰাজ্যৰ সেনা আৰু আৰক্ষী বাহিনী৷ সেনাবাহিনীৰ কেম্পৰ সন্মুখতে সংঘটিত হল চুৰি কাণ্ড৷ হতচকিত হৈ পৰিছে ৰাইজ৷ শনিবাৰে নিশা ৰঙিয়া ষ্টেচনৰোডৰ সেনাবাহিনীৰ ট্ৰেঞ্জিট কেম্পৰ সন্মুখত সংঘটিত হয় এক চুৰি কাণ্ড৷
সেনাবাহিনীৰ চকুত ধূলি দি চোৰে চাৰিখনকৈ ব্যাৱসায়ীক প্ৰতিষ্ঠানত লুটপাত চলায়৷ তলা ভাঙি চোৰে লৈ যায় মোবাইল, কাপোৰ, মটৰ পাৰ্টচৰ উপৰিও কেইবাহাজাৰ নগদ ধন৷ যদি সেনাৰ সন্মুখতে সংঘটিত হয় অপৰাধ, তেন্তে নিৰাপত্তা ক’ত৷ এয়া লৈ এতিয়া সাধাৰণ ৰাইজৰ মনত প্ৰশ্নৰ উদয় হৈছে৷