
newsnextone.com | গৰৈমাৰিঃ এগৰাকী সাংবাদিকক মৃত্যুৰ ভাবুকি দিয়া বুলি অভিযোগ উত্থাপিত হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কামৰূপ জিলাৰ ছয়গাঁও অঞ্চলত৷ এখন মাদ্ৰাছাত সংঘটিত দুৰ্নীতিৰ বাতৰি প্ৰকাশ কৰাৰ বাবেই সাংবাদিকগৰাকীক ভাবুকি দিয়া বুলি অভিযোগ উত্থাপিত হয়৷
ছয়গাঁও খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ভলুকাবাড়ী এম ই মাদ্ৰাছাত সংঘটিত দুৰ্নীতিৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতোই প্ৰধান শিক্ষকে সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা বুলি জানিব পৰা গৈছে৷
গৰৈমাৰীৰ সাংবাদিক আনোৱাৰ হুছেইনে ৰাইজৰ অভিযোগৰ ভিত্তিত যোৱা ২২ মে’ত ভলুকাবাড়ী এম ই মাদ্ৰাছাত সংঘটিত দুৰ্নীতি সন্দৰ্ভত অভিযান চলাইছিল৷ বিদ্যালয়খনত সংঘটিত ব্যাপক দুৰ্নীতি তথা টেট শিক্ষকৰ পৰিৱৰ্তে ভাড়াতীয়া শিক্ষকৰ জৰিয়তে বিদ্যালয়ত পাঠদান চলোৱাৰ বাতৰি যোৱা ২৩ মে’ত প্ৰকাশ পায়৷
বাতৰি প্ৰকাশ হোৱাৰ পিছতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক মণিৰ উদ্দিন আহমেদে সাংবাদিক আনোৱাৰ হুছেইন বিৰুদ্ধে ক্ষোভিত হৈ পৰে৷ প্ৰথমে শিক্ষকগৰাকীয়ে সাংবাদিকগৰাকীক টকাৰে বাতৰিৰ প্ৰকাশ বন্ধ কৰাৰ চেষ্টা কৰে যদিও ব্যৰ্থ হোৱাত সাংবাদিকগৰাকীক প্ৰাণে মৰাৰ ভাবুকি দিয়া বুলি অভিযোগ উত্থাপন কৰে সাংবাদিকগৰাকীয়ে৷ দুৰ্নীতিৰ বাতৰি প্ৰকাশ কৰা গৰৈমাৰীৰ সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি দিয়াত ভলুকাবাড়ী এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক মণিৰ উদ্দিন আহমেদৰ বিৰুদ্ধে সাংবাদিক আনোৱাৰ হুছেইনে ৩১ মে’ত গৰৈমাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে৷
উল্লেখ্য যে, ভলুকাবাড়ী এম ই মাদ্ৰাছাৰ বিৰুদ্ধে অপ-প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰধান শিক্ষক মণিৰ উদ্দিন আহমেদে যোৱা ২৬ মে'ত সাংবাদিক আনোৱাৰ হুছেইনৰ বিৰুদ্ধে জোৰশিমুলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে৷ আনহাতে বাতৰি প্ৰকাশৰ পিছত সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি দিয়া ভলুকাবাড়ী এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক মণিৰ উদ্দিন আহমেদৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় সাংবাদিক সংগঠনৰ লগতে সচেতন মহলে দাবী জনায়৷