শিৱসাগৰঃ শিৱসাগৰৰ দৰিকাপাৰ নাওজানগাঁও বৰনামঘৰত শিৱসাগৰ সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান ভক্তিসুধা সাংস্কৃতিক গোষ্ঠী উদ্যোগত অনুষ্ঠিত হোৱা মাতৃভাষা ভাওনা কৰ্মশালা বুধবাৰে এক বৰ্ণাঢ্য কাৰ্য্যসূচীৰে সামৰণি পৰে। কাৰ্য্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে ভক্তিসুধা সাংস্কৃতিক গোষ্ঠী উপদেষ্টা দেৱ গগৈয়ে, বন্তি প্ৰজ্বলন কৰে মালিৰাম মেচ অাৰু নাৰায়ণ মেচে। 

পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হয় শিৱসাগৰ জিলা ভিক্তিত চিত্ৰাংকন অাৰু ৰচনা প্ৰতিযোগিতা। বিয়লি ৩ বজাত ভক্তিসুধা সাংস্কৃতিক গোষ্ঠী দ্বাৰা দিহানাম পৰিৱেশন কৰা হয়। সন্ধিয়া ৭ বজাৰত অনুষ্ঠিত হয় বঁটা বিতৰণি অাৰু সম্বৰ্ধনা অনুষ্ঠান। 

এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে সদৌ অসম ছাত্ৰ সন্থা শিক্ষা সম্পাদক শৰৎ হাজৰিকা, বিশিষ্ট অতিথি ৰূপে শিৱসাগৰৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী গিৰিণ ফুকন, যুৱ নাট্যশিল্পী তথা সাংবাদিক প্ৰান্তিক শৰ্মা, বিশিষ্ট সাংস্কৃতিক কৰ্মী গোবিন মহন্ত, অসমৰ প্ৰথমগৰাকী মহিলা খোল বিষাৰদ মৃণালী মহন্ত, বিশিষ্ট সাংস্কৃতিক কৰ্মী নিতুল মেচৰ লগতে স্থানীয় বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। 

বীৰ লাচিত মহাবিদ্যালয়ৰৰ প্ৰৱক্তা শান্তনু বুঢ়াগোঁহায়ে উদ্বোধন কৰা সাংস্কতিক অনুষ্ঠানটোত কৰ্মশালাৰ প্ৰশিক্ষাথী সকলে একে নিশাই পৰিৱেশন কৰে নৃসিংহ মুৰাৰী, ৰুক্মিণী হৰণ অাৰু শ্ৰীকৃষ্ণ ৰাসলীলাৰ অংশৰ শংখচুৰ বধ নাট কেইখন। নাট কৰ্মশালাত প্ৰক্ষিশক হিচাপে উপস্থিত থাকি প্ৰক্ষিশণ অাগবঢ়োৱা যোৰহাটৰ বিশিষ্ট নাট্যকৰ্মী বাবুল বড়া, প্ৰকাশ বৰুৱা, ডিব্ৰুগড়ৰ লক্ষীকান্ত কাকতি, শিৱসাগৰৰ ৰূপম বেজবৰুৱা অাৰু পৰাগ দাস(বাবু)ৰ লগতে স্থানীয় বহুকেইজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। 

এই অনুষ্ঠানতে স্থানীয় অাস্থা মহিলা গোটে ভক্তিসুধা সাংস্কৃতিক গোষ্ঠীৰ বিষয়ববীয়া, প্ৰশিক্ষক সকল অাৰু উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল অাৰু স্থানীয় অঞ্চললৈ গৌৰব কঢ়িয়াই অনা বহুকেইজনযুৱক যুৱতীক সম্বৰ্ধনা জনায়। ভক্তিসুধা সাংস্কৃতিক গোষ্ঠীৰ এনে কাৰ্যক শিৱসাগৰৰ সাংস্কৃতিক মহলে শলাগ লোৱা লগতে প্ৰশিক্ষক সকলক ধন্যবাদ জ্ঞাপন কৰে। সমগ্ৰ কায্যসুচী অাঁতধৰে দিপাংকৰ বৈৰাগী অাৰু অংশুমান মহন্তই।