গৰৈমাৰীঃ ছয়গাঁৱৰ গৰৈমাৰীত আজি ব্ৰজপাত পৰি বহু লোক গুৰুতৰ ভাবে আহত হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত বাতৰি মতে, গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ অধ্যক্ষ হবিবৰ ৰহমানে হজ যাত্ৰাৰ পূৰ্বে আজি নিজ বাসগৃহত দোৱা অনুষ্ঠানৰ আয়োজন কৰিছিল।

উক্ত অনুষ্ঠানলৈ অঞ্চলটোৰ ভালে সংখ্যাক লোকে অধ্যক্ষগৰাকীক এষাৰ মাত দিবলৈ তেওঁৰ বাসগৃহত উপস্থিত হয়।

অধ্যক্ষগৰাকীক মাত দিবলৈ অহা লোকসকলে চোতালত বহি থকাৰ সময়তে ব্ৰজ পৰাত কেইবাগৰাকী লোক অচেতন হৈ পৰে৷ ব্ৰজপাতৰ ফলত পৰিয়লটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।

ব্ৰজ পৰি উজালা বেগম, ৰেহেনা পাৰবিন আৰু গৰৈমাৰীৰ আবিদা বেগম, ডাঃ নজমূল হক, ৰীনা আখতাৰ, জামেলা খাতুন, খবিৰ উদ্দিন, সকিমুদ্দিন আৰু আবুল কাসেম নামৰ লোককেইজন গুৰুতৰভাৱে আহত হয়। আহতসকলক স্থানীয় লোকে ততাতৈয়াকৈ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়।