
ধুবুৰীঃ এদল মানুহে প্ৰাণ ললে এটি অসহায় নাহৰফুটুকীৰ৷ খেতি পথাৰত খেদি খেদি এদল মানুহে হত্যা কৰিলে এটি অসহায় নাহৰফুটুকীক লাঠীৰে লাঠীৰে কোবাই কোবাই হত্যা কৰে৷ দুগৰাকী খেতিয়কক খেতি পথাৰত আক্ৰমণ কৰাৰ পিছতে একাংশ উত্তেজিত লোকে হাতে হাতে লাঠীলৈ খেদি খেদি পথাৰত নাহৰফুটুকীটোক হত্যা কৰে৷
ধুবুৰী জিলাৰ গৌৰীপুৰ সংঘটিত হয় এই ঘটনা৷ গৌৰীপুৰৰ ঝালোৰ আলগা গাঁৱৰ খেতিপথাৰত সংঘটিত হয় এই ঘটনা৷ সৰিয়হ খেতিত লুকাই থকা আছিল নাহৰফুটুকীটো৷ গৌৰীপুৰ থানাৰ অন্তৰ্গত ঝালোৰ আলগা খেতিপথাৰত ওমেদ আলী আৰু মহাব আলী নামৰ দুই ভাতৃয়ে সৰিয়হ খেতি চাবলৈ যোৱাৰ সময়তে প্ৰকাণ্ড নাহৰফুটুকীটোৱে আক্ৰমণ কৰে৷ এই খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছতে স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে৷
হাতে হাতে লাঠী জোং লৈ নাহৰফুটুকীটোক আক্ৰমণ কৰিবলৈ ওলাই আহে৷ ৰাইজৰ লাঠিৰ কোবত বাঘ নিহত হয় আৰু ওমেদ আলী আৰু মহাব আলী দুই ভাতৃ ৰক্ষা পৰে৷ ইয়াৰে ওমেদ আলী গুৰুতৰ আহত হয় যদিও দুয়োকে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ ৰাইজে বন বিভাগক খবৰ দিয়াৰ ডেৰ ঘন্টাৰ পিছতো বনবিভাগৰ কোনোলোক আহি উপস্থিত নোহোৱাত ৰাইজে ক্ষোভ ব্যক্ত কৰে৷