
তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি মটক যুৱ ছাত্ৰ পৰিষদে ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷ মটক যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতি আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে কেইবাশতাধিক নেতা-কৰ্মীৰ উপস্থিতিত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি মটক জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ কৰাৰ দাবী জনায়৷
নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰতি ৰক্ষা কৰিব নোৱাৰাত ক্ষোভিত হৈ সংগঠন দুটাই চৰকাৰৰ বিৰুদ্ধে উক্ত কাৰ্যসূচী ৰূপায়ণ কৰা বুলি কয়৷
তিনিচুকীয়া জিলাৰ নিকায় নিগম অাৰু কাৰিকৰী উদ্যোগিক প্ৰতিষ্ঠানত মটক জনগোষ্ঠীৰ শিক্ষিত যুৱকক সংস্থাপন দিয়া, বানপানী গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠানত অসমীয়া ভাষা প্ৰয়োগ কৰাৰ দাবী জনায় সংগঠন দুটাই৷
প্ৰতিবাদী কাৰ্যসূচীত মটক যুৱ-ছাত্র পৰিষদৰ সভাপতি যুগল বৰুৱা, সম্পাদক উজ্জ্বল বৰুৱা, তিনিচুকীয়া জিলাৰ সমিতিৰ সভাপতি ঘনশ্যাম হাজৰিকা, সাধাৰণ সম্পাদক ভাস্কৰ বৰুৱা অাৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল নেওগ উপস্থিতি থাকে।