newsnextone.com | তিনিচুকীয়াঃ প্ৰতিজন অসমীয়াই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত আহ্বান জনোৱা প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ অসমক ৰক্ষা কৰাৰ শ্ল’গান দি আহিছে৷ কি দল, কি সংগঠন প্ৰতিজন অসমীয়াৰ তেজত প্ৰবাহিত হৈছে লাচিত, কুশল কোঁৱৰৰ দেশ-প্ৰেম৷ নিজ জাতি, মাটি, ভেটি ৰক্ষা কৰাৰ পণ আকৌ এবাৰ ৰাজ্যৰ আকাশ বতাহ উত্তাল কৰি তুলিছে অসমীয়াই৷ 

সোমবাৰে তিনিচুকীয়া জিলাৰ অগ্ৰণী যুৱ বিকাশ, সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘বৈঠকী’ উদ্যোগত বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দিনৰ ১১ বজাত স্বাক্ষৰ আৰু মুণ্ডন কাৰ্যসূচী ৰূপায়ন কৰে বহু বুদ্ধিজীৱি, বিশিষ্ট নাগৰিকে৷ বিধেয়কখন গৃহীত হলে কেনে সমস্যাৰ সন্মুখীন হ'ব লাগিব সেই কথা ব্যক্ত কৰে জ্যেষ্ঠ নাগৰিকসকলে৷

উল্লেখ্য যে, জিলাখনৰ অধিবক্তা সকলৰ উপস্থিতিও আছিল লক্ষণীয়৷ যি সময়ত এই বিধেয়কৰ জৰিয়তে এচাম স্বাৰ্থান্বেষী লোকে অবৈধ নাগৰিকক বৈধ কৰাৰ চেষ্টাত ব্ৰতী হৈছে তেনে সময়তে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে অধিবক্তা আৰু বিশিষ্ট নাগৰিক, বুদ্ধিজীৱিৰ উপস্থিতি লক্ষণীয় আছিল৷ কাৰ্যসূচীৰ আহ্বায়ক বৈঠকীৰ সভাপতি-সম্পাদক বিকাশজ্যোতি শইকীয়া আৰু পৰিক্ষীত শইকীয়াই গণস্বাক্ষৰৰ জৰিয়তে যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষক বিধেয়ক বিৰোধিতাৰ দাবীৰে তিনিচুকীয়া জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰক প্ৰদান কৰে৷

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তিনিচুকীয়াত সোমবাৰে আছু, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, আটছা আৰু অসম যুৱ পৰিষদে জোঁৰ সমদল উলিয়াই চৰকাৰ বিৰোধী শ্ল’গানেৰে কঁপাই তোলে তিনিচুকীয়া চহৰৰ আকাশ বতাহ কঁপা। প্ৰতিবাদকাৰীসকলে তেজ দিম বিধেয়ক গৃহিত হ’ব নিদিম বুলি শ্ল’গান দিয়ে৷