Image for Representation
Image for Representation

ডিজিটেল ৰিপ'ৰ্টঃ কিছুদিন পূৰ্বে শিৱসাগৰৰ এখন হোটেলৰ লেডিজ টয়লেটত গোপন কেমেৰা স্থাপন কৰি ধৰা পৰাৰ পিছত এইবাৰ তিতাবৰত সংঘটিত হৈছে অনুৰূপ ঘটনা। এইবাৰ পিছে হোটেল নহয়, এখন কম্পিউটাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানত এনে ভয়াৱহ ঘটনা সংঘটিত হৈছে। এই কম্পিউটাৰ শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানখনৰ নাম হৈছে 'স্পট টাচ্ছ’।

প্ৰাপ্ত বাতৰি মতে, যোৱা ২ আগষ্টত 'স্পট টাচ্ছ’ৰ টয়লেটলৈ গৈ এগৰাকী ছাত্ৰীয়ে তাত এটা গোপন কেমেৰা প্ৰত্যক্ষ কৰে। লগে লগে ছাত্ৰীগৰাকীয়ে চিঞৰ-বাখৰ লগাই লগৰীয়াসকলক অৱগত কৰে। মুহূৰ্ততে এই কথা 'স্পট টাচ্ছ’ৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে জানিব পাৰে। এনে এক ভয়াৱহ কাণ্ডৰ কথা জানিব পৰাৰ পিছতে ছাত্ৰীগৰাকীয়ে লগৰীয়াৰ সৈতে টয়লেটলৈ গৈ মোবাইলটো উদ্ধাৰ কৰে। 

উক্ত মোবাইলটো কৌশলেৰে টয়লেটত স্থাপন কৰি প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীয়ে ৰিম’টৰ সহায়ত ছাত্ৰীসকলে তালৈ যোৱা দৃশ্যসমূহ ৰেকৰ্ডিং কৰি অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰি আহিছিল। মোবাইলটো উদ্ধাৰ কৰি ছাত্ৰীকেইগৰাকীয়ে দেখে যে তাত তেনেধৰণৰ অলেখ ভিডিঅ’ ষ্ট’ৰ হৈ আছে।

CLICK: সন্ত্ৰাসবাদৰ ঘাটি মধ্যপ্ৰাচ্যৰ সহায় ল'ব লাফিকুলৰ ভাতৃয়ে!

প্ৰতিষ্ঠানখনৰ এনে কাণ্ডত হতভম্ব হৈ ছাত্ৰীগৰাকীয়ে সেইদিনাই স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত প্ৰতিষ্ঠাখনত আহি উপস্থিত হয় আৰক্ষীৰ এটা দল। কিন্তু আৰক্ষী আহি উপস্থিত হোৱাৰ পূৰ্বেই ছাত্ৰীগৰাকীৰ পৰা মোবাইলটো কাঢ়ি লৈ প্ৰতিষ্ঠানখনৰ এগৰাকী কৰ্মচাৰীয়ে নষ্ট কৰি পেলায়। 

আৰক্ষীৰ দলটোৱে প্ৰতিষ্ঠানখনৰ পৰা লেপটপ, কেবাখনো মেমৰি কাৰ্ড, ডিভিডি আৰু কেবাটাও মোবাইল, ৰিম’ট ডিভাইচ আদি জব্দ কৰে। লগতে স্বত্বাধিকাৰী অঞ্জল শইকীয়া নামৰ লোকজনক আটক কৰি থানালৈ লৈ যায় যদিও একেদিনাই মুকলি কৰি দিয়ে। এই লৈ এতিয়া তিতাবৰত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

এই সন্দৰ্ভত স্থানীয় সচেতন যুৱক ৰাহুল সুৰজিৎ সন্দিকৈয়ে আৰক্ষীয়ে ধনৰ বিনিময়ত মেনেজ হৈ স্বত্বাধিকাৰী অঞ্জল শইকীয়াক এদিনতে মুকলি কৰি দিয়া বুলি 'নিউজ নেক্সট ৱান'ৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ফেচবুকত এই লৈ সজাগতাৰ বাবে এটি পোষ্ট আপলোড কৰাৰ কথাও জানিবলৈ দিয়ে যুৱকজনে। 

ইফালে উক্ত ঘটনাৰ পিছতে এতিয়া প্ৰতিষ্ঠাখনলৈ কম্পিউটাৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ অহা প্ৰতিগৰাকী ছাত্ৰী শংকিত হৈ পৰিছে বুলি জানিব পৰা গৈছে। লগতে আৰক্ষী-প্ৰশাসনে বিষয়টো গুৰুত্বসহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে।