
লালুকঃ বিভিন্ন সমস্যা সমাধান কৰাৰ টিএমপিকে’ৰ এটি প্ৰতিনিধি দলে দেওবাৰে ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰে৷ সংগঠনটোৰে কেন্দ্ৰীয় সমিতিৰ লগতে লখিমপুৰ জিলা সমিতিৰ নেতা-কৰ্মী সহ এটি সজাতি দলে ৰাজ্যপাল জগদীশ মুখীক দেওবাৰে উত্তৰ লখিমপুৰ আৱৰ্ত্ত ভৱনত সাক্ষাৎ কৰি বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়৷ সংগঠনটোৰ সজাতি দলটোৱে কেইবাটাও দাবী সম্বলিত এক স্মাৰক পত্ৰ ৰাজ্যপালক প্ৰদান কৰে।
অসমৰ বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান, লখিমপুৰ-মাজুলী সংযোগী খাবলু ঘাট আৰু লখিমপুৰ-ঢকুৱাখনা সংযোগী ঘাগৰ ঘাটক সংযোগ কৰিব পৰাকৈ পকী দলং নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ কৰা, বৃহৎ নদীবান্ধ, মিচিং স্বায়ত্ত শাসিত পৰিষদখনক সাংবিধানিক মৰ্যদা প্ৰদান কৰা, মিচিং জনগোষ্ঠীৰ কৃষি ভিত্তিক জাতীয় উৎসৱ আলি আঃয়ে লৃগাং উপলক্ষে ফাগুন মাহৰ প্ৰথম বুধবাৰতো ৰাজ্যিক বন্ধ হিচাবে ঘোষণা কৰা, অনাদায় হৈ থকা জনজাতি ছাত্ৰ-ছাত্ৰী সকলৰ জলপানীৰ ধন অনতি বিলম্বে মুকলি কৰি দিয়া, নিৰ্মাণৰত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ দাবী জনায় স্মাৰক পত্ৰ প্ৰদান কৰে৷
১১ টা দাবী সম্বলিত স্মাৰক পত্ৰৰ জড়িয়তে ৰাজ্যপালগৰাকীক সমস্যা সমুহৰ সমাধানৰ দাবী জনাই সংগঠনটোৱে। ৰাজ্যপালগৰাকীয়ে ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি পৰ্যায় ক্ৰমে দাবী সমূহ সমাধানৰ আশ্বাস প্ৰদান কৰে৷