নিজৰ মাতৃভাষাক কৰা অৱহেলাই সংকটত পেলাইছে অসমীয়া ভাষাক

নগাঁওঃ বিশ্বৰ লোক সমাজৰপৰা বিভিন্ন ভাষা, উপ-ভাষা, দোৱান আদিৰ অস্তিত্ব দিনকদিনে লোপ পাই অহালৈ লক্ষ্য ৰাখি ৰাষ্ট্ৰসংঘই প্ৰতিটো জাতি, উপ-জাতি, জনগোষ্ঠীৰ মাতৃভাষাক শ্ৰদ্ধাশীল আৰু সচেতন কৰাৰ অৰ্থে ২০০০ চনৰপৰা আন্তঃৰাষ্ট্ৰীয়ভাৱে ২১ ফেব্ৰুৱাৰীৰ দিনটোত বিশ্ব মাতৃভাষা দিৱস ৰূপে উদযাপন কৰি আহিছে৷ 

কিন্তু পৰিতাপৰ কথা যে, যিসময়ত ৰাষ্ট্ৰসংঘৰ দৰে এটি আন্তঃৰাষ্ট্ৰীয় সংস্থাই মাতৃভাষাসমূহৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শনেৰে যি মহৎ পদক্ষেপ হাতত লৈছে, সেই সময়ত লক্ষণীয়ভাৱে জাতীয় চৰকাৰ আৰু বিভিন্ন অনুষ্ঠানসমূহেই নিজৰ মাতৃভাষাৰ প্ৰতি চৰম অৱহেলা আৰু অসন্মান প্ৰদৰ্শন কৰাহে দেখিবলৈ পোৱা গৈছে৷ 

কিয়নো, অসমত চৰকাৰী ভাষা আইন গ্ৰহণ কৰাৰ দুকুৰিৰো অধিক বছৰকাল পাৰ হোৱাৰ পিছতো ই কাৰ্যকৰী নোহোৱাটোয়ে এই কথাকে প্ৰমানিত কৰে৷ ইফালে, ৰাজ্য চৰকাৰকে ধৰি অসমৰ সাহিত্য জগতৰ বৃহৎ অনুষ্ঠান অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, দেউৰী সাহিত্য সভা, কাৰ্বি সাহিত্য সভাকে আদি কৰি ভাষা-সাহিত্য-সংস্কৃতিৰ আন বহু অনুষ্ঠানেও এই দিৱসৰ বিষয়ে তিলমানো অৱগত নহয়৷ 

উল্লেখ্য যে,অসমবাসীৰ জনগণৰ এক ৰক্তক্ষয়ী আন্দোলনৰ ফলশ্ৰুতিত ১৯৬০ চনৰ ১৭ ডিচেম্বৰত অসম ৰাজ্যভাষা আইন গ্ৰহণ কৰিবলৈ চৰকাৰ বাধ্য হৈছিল৷ যাৰ দ্বাৰা ভাৰতীয় সংবিধানৰ ৩৪৬ আৰু ৩৪৭ অনুচ্ছেদৰ নিয়ম অনুযায়ী ভাষা আইন অসমৰ সকলোতে অথবা ৰাজ্যৰ সকলো ধৰণৰ চৰকাৰী কাম-কাজত অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগিছিল৷ 

আনকি তদানীন্তন ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ ২-১২-৭০ তাৰিখৰ পি এল চি ২-৭-১০ এ নং নিৰ্দেশানুযায়ী ৪-১২-৭০ তাৰিখৰ ভিতৰত ৰাজ্য চৰকাৰৰ সচিবালয় পৰ্যায়ত অসমীয়া ভাষা প্ৰয়োগ কৰা হ’ব বুলি সদম্ভে ঘোষণাও কৰিছিল৷ প্ৰকাশ যে, অসমবাসীক চৰম প্ৰতাৰিত কৰি ১৯৬০ চনৰপৰা ১৯৭৮ চনলৈকে কিন্তু চৰকাৰে ভাষা আইন বলৱৎ কৰাৰ কাৰণে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে৷ 

ইয়াৰ বিপৰীতে চৰকাৰে ১৯৭৯ চনৰ ৩ এপ্ৰিলত ৰাজ্যভাষা প্ৰয়োগ সঞ্চালকালয়হে গঠন কৰে৷ কোৱা বাহুল্য মাথোন, এই সঞ্চালকালয়ে প্ৰথমাৱস্থাত বিষয়টোত গভীৰভাৱে গুৰুত্ব আৰোপ কৰি ৩ বছৰ মান যুদ্ধংদেহী মনোভাৱেৰে কাম-কাজ কৰি অসমীয়া ভাষা প্ৰয়োগৰ এটা পৰিৱেশ সৃষ্টি কৰি তুলিছিল যদিও চৰকাৰৰ ফালৰপৰা পাবলগীয়া সহায়-সহযোগিতা আৰু আন্তৰিকতাৰ অভাৱৰ হেতু ক্ৰমান্বয়ে বিভাগটোৰ গুৰুত্ব লক্ষণীয়ভাৱে হ্ৰাস পাই আহে৷ 

জানিব পৰা মতে, চৰকাৰে সঞ্চালকালয়টোলৈ বছৰি যিখিনি টকা আবন্টন দিয়ে ইয়াৰে অধিকাংশ কৰ্মচাৰীসকলক দৰমহা দিওতেই শেষ হয়৷ ইয়াৰ বিপৰীতে ৰাহি হোৱা ন্যূনতম ধনেৰে ভাষা প্ৰয়োগৰ কোনো কামেই সুকলমে সম্পাদন কৰাটো সম্ভৱপৰ নহয়৷ ইফালে, ১৯৯১ চনৰ ২০ নৱেম্বৰত ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ দ্বাৰা স্বাক্ষৰিত ৪৫/৮৬/৪৪ নং জাননীৰ জৰিয়তে সচিবালয়ত অসমীয়া ভাষা প্ৰয়োগৰ বাবে আন এক নিৰ্দ্দেশ কৰিছিল যদিও সেয়াও ফলপ্ৰসু নহ’ল৷ 

গতিকে দেখা গৈছে যে, মাতৃভাষা প্ৰয়োগৰ ক্ষেত্ৰত যদি অসমৰ জনসাধাৰণ, জাতীয় সংগঠনসমূহ, বুদ্ধিজীৱি মহল তথা ৰাজ্য চৰকাৰে সময় থাকোতেই বিশেষ কাৰ্যকৰী পদক্ষেপ গ্ৰহন নকৰে, তেন্তে পৰৱৰ্তী ক্ষণত অসমীয়া ভাষা হয়তো কেৱল কথিত ভাষাতহে পৰিণত হৈ ৰ’ব৷