বাঘবৰঃ বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শোইলমাৰী গাঁৱত বেঁকী নদীৰ ভয়াৱহ গৰাখহনীয়া অব্যাহত আছে। জানিব পৰা মতে, উক্ত গাঁওখনৰ কালৰূপী বেঁকী নদীৰ গৰাখহনীয়াত উছন গৈছে শ শ বাসগৃহ। এতিয়া নৈখনৰ ভয়াৱহ গৰাখহনীয়াত সম্পূৰ্ণৰূপে জাহ যোৱাৰ উপক্ৰম পকী পথ।

বৰ্তমান যাতায়াত ব্যাহত হৈ পৰিছে। মইনবড়ী, হাদিৰাচকী, তাৰাকান্দি, জয়পুৰ, নিজ মইনবড়ী, হাতছাৰা আদিকে ধৰি ত্ৰিশ খন গাঁৱৰ ৰাইজৰ একমাত্ৰ যাতায়ত পকী পথটো গৰাখহনীয়াৰ কবলত পৰাত যাতায়াত ব্যাহত হৈ ৰাইজৰ মাজত একপ্ৰকাৰৰ হাহাকাৰ সৃষ্টি হৈছে।

এইক্ষেত্ৰত গড়কাপ্তানি বিভাগ নিৰৱ ভুমিকা পালন কৰাৰ অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ ৰাইজে। বৃহত্তৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰী, শিক্ষামহল, কৃষক ৰাইজে জিলা উপায়ুক্তক পৰিদৰ্শন কৰি গৰাখনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।