ডিব্ৰুগড়ঃ মটক যুৱ-ছাত্ৰ সন্মিলনে আজি মটক জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীত ডিব্ৰুগড়ৰ লাহোৱালত ৰে’ল পথ অৱৰোধ কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে।

সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেইবা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে ৰে’ল পথ অৱৰোধ কাৰ্যসুচীত। প্ৰতিবাদকাৰীসকলে মটক জনগোষ্ঠীক জনজাতিকৰণ লাগিবই, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী হায় হায় আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদী কাৰ্যসূচীৰ ফলত উজনি আৰু নামনিমূৱা কেইবাখনো ৰে’ল আৱদ্ধ হৈ পৰে। লাহোৱাল ৰে’লৱে ষ্টেশ্যনৰ সমীপত সংগঠনটোৱে প্ৰায় চাৰি ঘন্টা ধৰি ৰেল অৱৰোধ কৰে৷

শীঘ্ৰে জনজাতিকৰণ নকৰিলে আগন্তুক দিনত মটক জনগোষ্ঠীয়ে ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলি সঁকীয়াই দিয়ে।