27
Jun
2017

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত কৰাইটাৰী নিৱাসী ফাইজল হক (৪৫) নামৰ লোকজন কালি নিশা ৰে'লৰ খুন্দাত নিহত হয়।
ফকিৰাগ্ৰাম বজাৰৰ পৰা ঘৰলৈ উভতাৰ পথত ৰে'ল লাইন অতিক্ৰম কৰোতেই ৰে'লে ফাইজাল হকক মহটিয়াই নিয়ে।
হাত ভৰি ছিন্ন বিচ্ছিন্ন হোৱা ফাইজাল হক ঘটনাস্থলীতে কৰুণ মৃত্যুক আঁকোৱালি লয় । আজিহে ৰে'ল আৰক্ষীয়ে ফাইজল হকৰ মৃতদেহ উদ্ধাৰ কৰে।