বৰ্ষা তোমাৰ চকুত মেঘৰ অঞ্জন

ওঁঠত কদম ফুলৰ হাঁহি

বিজুলী লতাৰে তোমৰ কবৰী বন্ধন

হাতত কেতেকী ফুলৰ পাহি…

চিৰন্তন অহোৰাত্ৰ কবি নৱকান্ত। খামিৰ নিকট যি কবি। অন্তহীন উপমাৰে প্ৰাজ্ঞ মানুহৰ কবি নৱকান্ত বৰুৱা। প্ৰাণময় কলঙৰ জীৱনেৰে আহি চিৰি লুইতেৰে কবিয়ে ককাদেউতাৰ হাড়ত জীৱনক শিকিলে, বুজিলে আৰু জীৱনৰেই কথা কৈ গ’ল আজীৱন।

কবিতা আৰু গান তেওঁৰ প্ৰাণ। শিশু তেওঁৰ জীৱন। অধ্যাপনাক শ্ৰেণী কোঠাতেই নেৰাখি তেওঁ জীৱনৰ অধ্যয়নত নিমজ্জিত হ’ল। আৰু সেয়ে নৱকান্তক আমি পালো এজন কথাশিল্পী ৰূপে। আজি তেওঁৰ মৃত্যু বাৰ্ষিকীত নিউজ নেক্সট ওৱান-এ জনাইছো গভীৰ শ্ৰদ্ধাৰ্ঘ।

অতি সহজ ভাষাত গৱেষক-কথাশিল্পী ডঃ বীৰেন্দ্ৰনাথ দত্তই কৈছে- নৱকান্ত বৰুৱা ভীৰৰ মাজৰ এজন হৈ যোৱা নাই। ভিৰৰ মাজত হেৰাই যোৱা কবি নৱকান্ত নহয়, ভীৰৰ মাজত সহজে চিনি উলিয়াব পৰা কবিহে। ডঃ দত্তৰ মত- নৱকান্ত বৰুৱাৰ কাৰণে যেন কাব্য সৃষ্টি এটা উপলক্ষ্য, এটা মাধ্যম যাৰ মাজেদি প্ৰকাশিত হয় কোনো উচ্চতৰ লক্ষ্যৰ বাবে, কোনো পূৰ্ণতা প্ৰাপ্তিৰ বাবে আকুতি । এই যি অকুতি। এই যি অনুসন্ধান, এই যি বিচাৰি ফুৰা- তাতেইতো প্ৰকৃত কবি সত্তাৰ স্থিতি । নৱকান্ত বৰুৱাই বিচাৰিব জানে। বিচৰাৰ সাৰ্থকতা উপলব্ধি কৰে কাৰণেই নৱকান্ত বৰুৱা কবি।

অসমীয়া সমাজ-সাহিত্যক কাললৈ আঘোণী সোণ সোণোৱালী  কৰি আমাৰ সত্তাত নিহিত কবিৰ সোঁৱৰণ আজি অসমে কৰিছে। এই বাৰিষাত কবিৰ কথাৰেই, কবিৰ গানেৰেই-

বাৰিষা ডাৱৰে আনে আঘোণী সপোন

চকুৰ পানীৰে তিতা স্মৃতিৰ দপোন

এইখন দেশতে ধূলিৰ লগতে

জ্বলিছিল কলিজৰ সোণ (সোণালী ধানতে)

জিলমিলনি দেখি তাৰে হাঁহিছিল জোন…