24
Jul
2017

Photo: Chinku Saikia, NNO Nagaon
নগাঁওঃ বানৰ পাছত গৰাখহনীয়াৰ কবলত পৰিছে নগাঁৱৰ চামগুৰিৰ লাওখোৱা অঞ্চল৷ বানৰ তাণ্ডৱৰ পাছত ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াৰ ফলত হাঁহাকাৰ কৰিব লগা হৈছে চামগুৰি লাওখোৱা অঞ্চলৰ ৰাইজে৷
প্ৰতিদিনে একো একোটা পৰিয়াল খহনীয়াৰ কবলত পৰি সৰ্বাস্বান্ত হ'ব লগীয়া হৈছে৷ যাৰ ফলত ৰাইজ শংকিত হৈ পৰিছে।
প্ৰায় ১ কিলোমিটাৰ গৰাখহনীয়াৰ ফলত ২০০ পৰিয়ালে সা-সম্পত্তি গৰু, ছাগলী আদি ব্ৰহ্মপুত্ৰত জাহ গৈছে। প্ৰশাসনে কোনো খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে৷
লাওখোৱা অঞ্চলবাসীয়ে গৰাখহনীয়া ৰোধৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ বাহিৰে একো নাই বুলিও ক্ষোভ ব্যক্ত কৰে।