বাহাকাবাৰীঃ দেওবাৰে দুপৰীয়া হঠাৎ অহা ধুমুহা-বৰষুণে কামপুৰত বিস্তৰ ক্ষতিসাধন কৰে৷ কামপুৰৰ বাহাকাবাৰী-বগলাজান অঞ্চলত হঠাৎ অহা প্ৰচণ্ড ধুমুহা বৰষুণে একপ্ৰকাৰ তাণ্ডৱৰ সৃষ্টি কৰে। বহু পৰিয়ালৰ বাসগৃহত প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি পৰে৷

ফলত টিনপাত তথা বাসগৃহ সমূহৰ ক্ষতিসাধন হয়৷ আনহাতে বিদ্যুৎৰ তাঁৰ আৰু খুটা ছিঙি পৰাৰ লগতে উঘালি পৰাত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে অঞ্চলটোত। বিশ্বকৰ্মা পূজা চলি থকাৰ মাজতে হঠাৎ অহা প্ৰচণ্ড ধুমুহা-বৰষুণে ম্লান কৰে বিশ্বকৰ্মা পূজাৰ আনন্দ। ঘৰ-বাৰী, গছ-গছনি ভাঙি ব্যপক ক্ষতিসাধন হয় অঞ্চলটোত।