প্ৰতিকী ফটো,উৎস ইন্টাৰনেট, the-shooting-star.com
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট, the-shooting-star.com

মাজুলীঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টিত কান্দিছে কৃষকে৷ শ শ কৃষকে এটুপি খোৱা পানী, এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে কৃষকে৷ বানৰ সময়ত চাউল, দাইল ছটিয়াই দায়িত্ব সামৰা এই সকল কৃষকৰ খবৰ ল'বলৈ আহৰি নাই চৰকাৰ কিম্বা বিধায়ক সৰ্বানন্দ সোণোৱালৰ৷

মাজুলীৰ সদৰৰ পৰা প্ৰায় বিশ কিঃ মিঃ নিলগৰ কৰতিপাৰ বাঘগাঁও অঞ্চল।‌ প্ৰায় ৩১খন গাঁৱৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ বানপানীত সৰ্বশ্ৰান্ত হোৱা উখলচুক, মাজ চাপৰি, বাঘগাঁও, চামগুৰি, সাৰআটী, চেৰেপাইখোৱা, ১ নং মিছামৰা, ২নং মিছামৰা, ৩নং মিছামৰা আদি গাঁৱত এতিয়া মৰিশালিৰ নীৰৱতাই বিৰাজ কৰিছে।‌

তিনিটাকৈ ভয়াৱহ বানপানীত বিচ্ছিন্নপ্ৰায় হোৱা এই গাওঁসমূহত কৃষকে হাহাকাৰ কৰিছে যদিও চাওতা কোনো নাই, শুনোতা কোনো নাই৷ তেওঁলোকে এতিয়া জনপ্ৰতিনিধিৰ পৰা সহায় নিবিচাৰে৷ তেওঁলোকৰ মতে সহায় বিছাৰি হ’ব কি।‌ নিয়মমাফিক, তিনিটা বানত তিনিবাৰ চাউল-দাইল ছটিয়াই দূৰ্যোগ প্ৰশমন কৰিলে বুলি ভৱা জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰে এই কৃষকসকলে৷

গৰাখহনীয়া আৰু বানত সৰ্বস্ব হেৰুওৱা কৃষকসকলে ধানখেতিৰ উপৰিও নিজা প্ৰচেষ্টাৰে বিকল্প খেতি হিচাপে কুঁহিয়াৰ খেতি কৰি আহিছে।‌ এই অঞ্চলৰ প্ৰায় প্ৰতিঘৰ লোকেই নিজা প্ৰচেষ্টাৰে বিঘা বিঘা মাটিত কুঁহিয়াৰ খেতি কৰি আহিছে।‌ পৰিতাপৰ কথা এয়ে যে এইসকল কৃষক সম্প্ৰতি বানপানীত গৃহবন্দীত্বৰ দিন কটাবলগীয়া হৈছে।‌